Rupaliparda.com
"কিছুমান গীত শুনি হতাশ হওঁ যদি বৰ্তমান প্ৰজন্মৰ বহুতেই বুজে সংগীত কি!"- সমীৰণ মলয় 1

“কিছুমান গীত শুনি হতাশ হওঁ যদি বৰ্তমান প্ৰজন্মৰ বহুতেই বুজে সংগীত কি!”- সমীৰণ মলয়

গুৰু দুজনাৰ বৰগীতৰ পৰা আদি কৰি বৰ্তমানলৈ গঠনমূলক বিষয়বস্তুৰে ৰচিত গীত সমূহে আমাৰ সংস্কৃত ক্ষেত্ৰখন চহকী কৰি ৰাখিছে। সম্প্ৰতি এই ক্ষেত্ৰখনৰ সৈতে জড়িত এনেও সংগীতশিল্পী আছে যি প্ৰশিক্ষণপ্ৰাপ্ত নহ’লেও অভিজ্ঞতাৰ দ্বাৰা জ্ঞান আহৰণ কৰি নিজ প্ৰতিভাৰে জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ঢোল, তাল বজোৱাৰ পৰা কন্ঠদান কৰাকে ধৰি সংগীতৰ সৈতে জড়িত প্ৰতিটো ধাৰাক সাৱটি নিজৰ প্ৰতিভাক এওঁলোকে উপনীত কৰিছে নিজ পেছাত। এনে এজন অসমীয়া সংগীত শিল্পী হৈছে সমীৰণ মলয়। তেওঁ লিখা গীতত অসমীয়া সংগীত জগতৰ বহু কন্ঠশিল্পী কন্ঠদান কৰিছে। জুবিন, পাপন, জয় বৰুৱাকে ধৰি বিভিন্ন জনে কন্ঠদান কৰিছে সমীৰণে লিখা গীতত। ইয়াৰ উপৰিও উক্ত সংগীত শিল্পী গৰাকীয়ে বঁটাও লাভ কৰিছে বহু সমাৰোহত। সমীৰণ মলয়ৰ সৈতে হোৱা কথা-বতৰাত তেওঁ সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি সোধাত তেওঁ কৈছিল যে,

"কিছুমান গীত শুনি হতাশ হওঁ যদি বৰ্তমান প্ৰজন্মৰ বহুতেই বুজে সংগীত কি!"- সমীৰণ মলয় 2


” গানৰ ৰাপ সৰুৰে পৰাই আছিলে; গান শুনি ভাল পাইছিলোঁ, কিন্তু সংগীত কৰিম বা সংগীত যে পেছা হ’ব সেইটো কেতিয়াও ভবা নাছিলো । আমাৰ পৰিয়ালৰ সকলো সংগীত বা সাহিত্যৰ লগত জড়িত আৰু সেইবাবে সৰুৰে পৰাই ঘৰত সাংস্কৃতিক পৰিৱেশ এটা পাইছিলোঁ । সৰুতে ভাওনা কৰিছিলোঁ তথা নাচিছিলোঁ ।পৰিয়ালৰ সহযোগিতা সদায়েই মোৰ লগত আছিল। প্ৰথমতে বিহুত তাল বজাইছিলোঁ আৰু তাৰ পিছত ঢোল বজাবলৈ ল’লোঁ। হঠাতে এদিন ঘটনাচক্ৰত পৰি মই বাদ্যযন্ত্ৰী হ’ব লগা হ’ল । এদিন এটা অনুষ্ঠানত পাৰ্কাচনিষ্টজন নহাৰ বাবে মই পাৰ্কাচন বজাব লগা হ’ল । তাৰ আগতে মই ঢোলক বা অন্য পাৰ্কাচন বজাই পোৱা নাছিলোঁ । সেয়ে প্ৰথম…২০০৩ চনৰ কথা।” ইয়াৰ উপৰিও তেওঁ সংগীত ক্ষেত্ৰখনত যে তেওঁৰ আনুষ্ঠানিক শিক্ষা নাই সেই কথা প্ৰকাশ কৰি সমীৰণে কয় যে তেওঁ বৰ্তমান পাশ্চাত্য পাৰ্কাচন বজাই আছে আৰু বিভিন্ন নতুন নতুন বাদ্য যন্ত্ৰ বজোৱা তেওঁৰ ছখ। উল্লেখ্য যে, তেওঁ লিখা গীত সমূহৰ ভিতৰত “জঁটাধাৰী” শীৰ্ষক গীতটিয়ে অসম লগতে অসমৰ বাহিৰতো লাভ কৰিছিল জনপ্ৰিয়তা। ESP Band ৰ বাবে লিখা এই গীতটিক সকলোৱে সমাদৃত কৰাৰ উপৰিও ই লাভ কৰিছিল শ্ৰেষ্ঠ মিউজিক ভিডিঅ’ শিতানত ৰামধেনু ভিউৱাৰ্চ চইচ বঁটা। ইয়াৰ উপৰিও ESP Band টোৰ বাবে তেওঁ কাজিৰঙা, আমেৰিকান তথা শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ব’ল ব’ম কে ধৰি একাধিক গীত লিখিছে।

"কিছুমান গীত শুনি হতাশ হওঁ যদি বৰ্তমান প্ৰজন্মৰ বহুতেই বুজে সংগীত কি!"- সমীৰণ মলয় 3


শিল্পী সমীৰণ মলয়ে নিজৰ সোভাগ্য কথা স্বীকাৰ কৰি কয় যে, ” এতিয়ালৈকে মোৰ গীতত কণ্ঠদান কৰা শিল্পীসকলৰ ভিতৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, জয় বৰুৱা, বৰ্ণালী কলিতা, নীল আকাশ, ৰাজজ্যোতি কোঁৱৰ, মণ্টুমণি শইকীয়া, প্ৰিয়ংকা ভৰালী, ৰোহিত সোনাৰ, ঋতৃষা শৰ্মা, ৰূপম শৰ্মা, অনুপম শইকীয়া, জাগৰণ শইকীয়া অন্যতম । ‘বন্ধু’ শীৰ্ষক গীতটিৰ বাবে ২০১৮ বৰ্ষত শ্ৰেষ্ঠ গীতিকাৰৰ মনোনয়ন লাভ কৰিছিলো। আনহাতে আধুনিক গীতৰ উপৰি মই কেইবাসংখ্যক টোকাৰী গীত আৰু বিহুগীত লিখিছোঁ; বৰ্তমান মোৰ মুক্তিপ্ৰাপ্ত গীতৰ সংখ্যা হৈছে ৯২টা । চিনেমাৰ বাবে গীত লিখিছোঁ; ইয়াৰ ভিতৰত অন্যতম বিশ্বজুৰি সমাদৰ লাভ কৰাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবি ‘One Little Finger’। এই ছবিখনৰ গীত লিখাটো মোৰ বাবে এক প্ৰত্যাহ্বানসদৃশ আছিল যিহেতু ইয়াত সংগীত আৰু সৃষ্টিশীলতা দুইটা আছিল; আৰু এই দুইটা সম্পূৰ্ণ ব্যতিক্ৰমী । তদুপৰি বিশ্বৰ খ্যাতনামা গীতিকাৰ সকলৰ সৈতে একেলগে এখন ছবিত গীত লিখাতো মোৰ বাবে এক সুখৰ কথা.…এক অভিজ্ঞতা ।”


আগন্তুক প্ৰজেক্টৰ বিষয়ে সোধাত তেওঁ নিজ কেইবাটাও প্ৰকল্পৰ বিষয়েৱউল্লেখ কৰি কয় যে, “বৰ্তমান মোৰ কথা সুৰেৰে ১৬টা গীতৰ কাম চলি আছে ; ইয়াৰ ভিতৰত অন্যতম হৈছে জুবিন গাৰ্গে কণ্ঠদান কৰিব লগা ‘বৃক্ষ’ শীৰ্ষক এটি গীত । সম্পূৰ্ণ অগতানুগতিক প্ৰজেক্ট; মই গ্ৰহণযোগ্য কাম কৰি ভাল পাওঁ; আজিকালি বহু ধৰণৰ বহু গীত ওলাই থাকে । কেতিয়াবা কিছুমান গীত শুনি হতাশ হওঁ । আচলতে, মই ভাবো গীতৰ কথা সদায় মননশীল হ’ব লাগে, যি অন্তৰাত্মাক স্পৰ্শ কৰিব পাৰে। গীতিকাৰ সুৰকাৰেই হওঁক, গায়ক গায়িকা বা বাদ্যযন্ত্ৰী, ব্যৱস্থাপকেই হওঁক, সকলোৰে এক সামাজিক দায়বদ্ধতা থাকে আৰু ইয়াক পাহৰি যোৱাটো উচিত নহয় । নতুন প্ৰজন্মক লৈ মই খুবেই আশাবাদী । কেইজনমানৰ বাহিৰে ন প্ৰজন্মৰ অধিকাংশ যুৱক যুৱতীয়ে সংগীত কি বুজি পায়, সংগীতক শ্রদ্ধা কৰে আৰু সঁচা অৰ্থত সংগীত চৰ্চা কৰে । মই বিশ্বাস কৰোঁ যে, ভাল কামৰ আদৰ সদায় আছে । গীতি সাহিত্যক আমিয়েই জীয়াই ৰাখিব লাগিব । মই ব্যক্তিগত ভাবে গুণগত মানদণ্ডক অগ্ৰাধিকাৰ দিওঁ । ক্ষন্তেকীয়া গ্লেমাৰ সদায় ক্ষন্তেকীয়া ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform