Rupaliparda.com
প্ৰধানমন্ত্ৰীক লৈ টুইট কৰি ৰাইজৰ ৰোষত শ্বাহিদ কাপুৰঃ 1

প্ৰধানমন্ত্ৰীক লৈ টুইট কৰি ৰাইজৰ ৰোষত শ্বাহিদ কাপুৰঃ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পঞ্চম বাৰৰ বাবে দেশক সম্বোধি ভাষণ আগবঢ়ায়। তেওঁ ভাষণৰ দ্বাৰা কেইবাটাও পদক্ষেপ হাতত লোৱাৰ লগতে লকডাউন ৪.০ ৰ সম্বন্ধিও কিছু কথা প্ৰকাশ কৰে। মোদীৰ এনে ভাষণক প্ৰশংসা কৰা দেখিবলৈ পোৱা যায় বিভিন্ন জন চিলেব্ৰেটীক। এনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গৰাকীক উদ্দেশ্যি পোষ্ট দিয়াত সমালোচনাৰ সন্মুখীন হয় শ্বাহিদ কাপুৰ। শ্বাহিদ কাপুৰে এটা টুইট যোগে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী গৰাকীক। তেওঁ লিখে যে, “শ্ৰী নৰেন্দ্ৰ মোদীৰ বিৰাট মজবুত আৰু প্ৰেৰণাদায়ক ভাষণ।” ইয়াৰ পিছতেই তেওঁৰ এই পোষ্টটোৱে খলকনিৰ সৃষ্টি কৰে চচিয়েল মিডিয়াত। বহুতে তেওঁক সন্মান শিকিবলৈ কোৱাৰ লগতে পোষ্টটোৰ বাবে কিমান টকা সংগ্ৰহ কৰিলে তাক লৈও প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰীক লৈ টুইট কৰি ৰাইজৰ ৰোষত শ্বাহিদ কাপুৰঃ 2


ইয়াৰ পিছত শ্বাহিদে নিজ একাউন্টৰ পৰা Chat Session আৰম্ভ কৰে; য’ত তেওঁক এজনে প্ৰশ্ন কৰে যে “লক-ডাউন” ত ডিউটি হিচাপে শ্বাহিদে বাচন ধোৱা, কাপোৰ ধোৱা নে ৰন্ধা বঢ়া কৰিছে তেতিয়া শ্বাহিদ দিয়া উত্তৰ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। অভিনেতা গৰাকীয়ে তেওঁক বাচন ধোৱা বিভাগত থকা বুলি জানিবলৈ দিয়ে।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত শ্বাহিদৰ “কৱীৰ সিং” ছবিখনে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিছিল। ছবিখনে সাংঘাতিক সমালোচনাৰ সন্মুখীন হ’লেও কিন্তু শ্বাহিদৰ অভিনয়ৰ প্ৰশংসা হৈছিল বহুতত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.