Rupaliparda.com
নতুন ৰূপত পাপনৰ "পাৰ হ'ব এই সময়"- 1

নতুন ৰূপত পাপনৰ “পাৰ হ’ব এই সময়”-

“লক-ডাউন” ত বহু গীত, চুটি ছবিৰ সৃষ্টি হোৱা আমি ইতিমধ্যে দেখিছো। কোনো এটা কথাক মনোৰঞ্জনৰ দ্বাৰা বুজোৱাৰ প্ৰচেষ্টা কৰিলৰ শ্ৰোতা অথবা দৰ্শকেও তাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। কেইবাগৰাকীও শিল্পীয়ে কৰা এনে প্ৰচেষ্টাৰ ভিতৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। জনসাধাৰণৰ মনোবল বৃদ্ধিৰ খাতিৰত নিৰ্মাণ কৰি উলিয়াইছিল এটি গীত “পাৰ হ’ব এই সময়”। গীতটি লিখাত লগতে ইয়াৰ শব্দ-সংমিশ্ৰণ কৰিছিল অংগৰাগ পাপন মহন্তই নিজেই। ইয়াৰ উপৰিও গীতটিৰ ভিডিঅ’টো তেওঁ নিজেই চিত্ৰগ্ৰহণ কৰি উলিয়াই মুক্তি দিছিল তেওঁৰ ব্যক্তিগত ইউটিউব চেনেলত। গীতটি সমাদৃত হোৱাৰ লগতে জনসাধাৰণৰ মনত এক আশাৰ যোগান ধৰিছিল। উল্লেখ্য যে, এইবাৰ এই গীতটিৰ ভিডিঅ’টোৰ নতুন সংস্কৰণৰ প্ৰস্তুত কৰা হৈছে।


একাংশ অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে নিজাববীয়কৈ তৈয়াৰ কৰি উলিয়াইছে গীতটিৰ ভিডিঅ’। যতীন বৰা, ৰৱি শৰ্মা, প্ৰস্তুতি পৰাশৰ, নিশিতা গোস্বামী, উৎপল দাস, আইমী বৰুৱা, কল্পনা কলিতা, জয় কাশ্যপ, শ্যামন্তিকা শৰ্মা, তনভী শৰ্মা, অনন্যা পাচনি, গুঞ্জন ভৰদ্বাজ তথা ৰিম্পী দাসক দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’টোত। গীতটিৰ প্ৰথমটো সংস্কৰণক যেনেদৰে জনসাধাৰণে প্ৰশংসা কৰিছিল; ঠিক তেনেদৰে এই সংস্কৰণটোকো আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform