Rupaliparda.com
ইৰফান খানৰ সলনি চৰিত্ৰ ৰূপায়ন কৰিব সুশান্ত সিং ৰাজপুতেঃ 1

ইৰফান খানৰ সলনি চৰিত্ৰ ৰূপায়ন কৰিব সুশান্ত সিং ৰাজপুতেঃ

প্ৰসিদ্ধ অভিনেতা ইৰফান খান যদিও এই পৃথিৱীত নাই তথাপিও তেওঁ যেতিয়ালৈ আছিল তেতিয়ালৈ তেওঁ নিৰ্মাতা ও নিৰ্দেশক সকলৰ প্ৰথমটো পচন্দ হৈ আছিল। এইটোৱে কাৰণ আছিল যাৰ বাবে নিৰ্দেশক আনন্দ গান্ধীয়ে তেওঁৰ আগন্তুক ছবিখনৰ বাবে বিচাৰ কৰিছিল অভিনেতা ইৰফান খানক। আনন্দে ইৰফান খানক মগজুত ৰাখিয়েই নিজৰ ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। জানিব পৰা মতে, ছবিখনৰ কাহিনীভাগ ক’ৰ’ণা ভাইৰাছৰ সৈতে সংগতি ৰাখি লিখা হৈছিল আৰু ইয়াৰ লিখা কাম অতি কমেও ৫ বছৰ পূৰ্বৰ পৰাই আৰম্ভ কৰা হৈছিল।

ইৰফান খানৰ সলনি চৰিত্ৰ ৰূপায়ন কৰিব সুশান্ত সিং ৰাজপুতেঃ 2

কিন্তু ইৰফান খানৰ মৃত্যুত বৰ্তমান মৰ্মাহত হৈ পৰিছে নিৰ্দেশক গৰাকী। এই ক্ষেত্ৰত আনন্দে কয় যে, “আমি মহামাৰীটোৰ আচল ৰূপ ছবিখনৰ জৰিয়তে বুজাব বিচাৰিছিলো যদিও দৰ্শকে বৰ্তমান ইয়াৰ ৰূপ ধাৰণা কৰিব পাৰিছে।গতিকে মহামাৰীটোৰ পিছত মানৱ জীৱন কেনে হ’ব তাকহে প্ৰতিফলিত কৰিব লাগিব ছবিখনৰ জৰিয়তে; ইয়াৰ বাবেই আমি স্ক্ৰীপ্টৰো সাল-সলনি কৰিব লাগিব।”

ইৰফান খানৰ সলনি চৰিত্ৰ ৰূপায়ন কৰিব সুশান্ত সিং ৰাজপুতেঃ 3


উল্লেখ্য যে, আনন্দে প্ৰথম অৱস্থাত প্ৰকল্পটোৰ নাম ৰাখিছিল “ইমাৰজেঞ্চী”। ইৰফান খানৰ সলনি এতিয়া এই ছবিখনত অভিনয় কৰিব অভিনেতা সুশান্ত সিং ৰাজপুতে। নিৰ্দেশক গৰাকীয়ে ইৰফান খানৰ মৃত্যুত শোক ব্যক্ত কৰি কয় যে মই বহুত বিচাৰিছিলো ছবিখনত ইৰফান খানক ৰখা বাবে। কিন্তু এতিয়া তেওঁ নাই; গতিকে মোৰ বহুত ভাল বন্ধু সুশান্ত সিং ৰাজপুতক বৰ্তমান এই ছবিখনত মই বিচাৰিছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform