Rupaliparda.com
"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 1

“আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে”- পিংকি মেধি

সংস্কৃতিৰ এক অংশ মাজুলীতেই আছে। মাজুলী বুলি ক’লে সকলোৰে মনত এক অজান শিহৰণে ভূমুকি মাৰে। সৰুৰে পৰাই মাজুলীৰ প্ৰতিটো সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে তাত থকা প্ৰত্যেকজন জনসাধাৰণ। ৰাষ্ট্ৰীয় পৰ্যায়তো এওঁলোকে নিজৰ সংস্কৃতিক সুন্দৰ ৰূপত বিশ্লেষণ কৰা দেখিবলৈ পোৱা যায়। ইতিমধ্যে অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা বিকাশ তথা সুনাম অৰ্জন কৰা একাংশ শিল্পী, কলা-কুশলীৰ বিষয়ে আমি নিশ্চয় শুনিছো অথবা তেওঁলোকৰ কিছু কিছু সৃষ্টিক লৈ গৌৰন্বিতও হৈছো। এনে এগৰাকী শিল্পী হৈছে পিংকি মেধি। মাজুলীত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ লাভ কৰিছিল।

"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 2

বৰ্তমান মাজুলীত প্ৰতিষ্ঠা লাভ কৰা এই গৰাকী শিল্পীয়ে অসম বুলিয়ে নহয় দক্ষিণৰ ছবি ক্ষেত্ৰ তথা পাঞ্জাৱী, মাৰাঠী আৰু গুজৰাটী ভাষাৰ ছবিৰ গীত সমূহতো কন্ঠদান কৰি খ্যাতি অৰ্জন কৰিছে। বৰ্তমান জনসাধাৰণৰ মাজত জনপ্ৰিয় ৱেব চিৰিজ সমূহৰ ভিতৰত অন্যতম “Singardan” ত অন্তৰ্ভূক্ত এটি গীতটো কন্ঠদান কৰিছে পিংকি মেধিয়ে।ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি এইগৰাকী শিল্পীৰ সৈতেই পাতিছিলো কিছু কথা; চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

পিংকি মেধিঃ সংগীত ক্ষেত্ৰ বুলি ক’বলৈ গ’লে মই এতিয়াও ইমান দূৰ পোৱাগৈ নাই। তথাপিও, সংগীত ক্ষেত্ৰৰ দৰে এই বিশাল ঠাইখনত বহু কাম কৰাৰ বাট চাই আছো লগতে চেষ্টাও অব্যাহত ৰাখিছো। মই মোৰ চাৰি বছৰৰ পৰা এই ক্ষেত্ৰখনত সোমাই পৰিছিলো; মাজুলীস্থিত মোৰ গুৰু দেৱজিৎ ভূঞা ছাৰে মোক সৰুৰ পৰাই গুৰু দুজনাৰ অমূল্য সৃষ্টি বৰগীত , জ্যোতি সংগীত, ৰাভা সংগীত ইত্যাদি শিকাইছে। তেতিয়াৰ পৰাই লাহে লাহে মই অসমীয়া থলুৱা গীত, লোকসংগীত আদিৰ প্ৰতি আকৃষ্ট হওঁ আৰু এয়াই আছিল মোৰ আৰম্ভণি…

"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 3

প্ৰশ্নঃ মাজুলীক সংস্কৃতিৰ সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয়; মাজুলীৰ জীয়ৰী হিচাপে আপুনি গৌৰৱ অনুভৱ কৰেনে?

পিংকি মেধিঃ ঠিকেই কৈছে; মাজুলীখন খুব সংস্কৃতি সমৃদ্ধ; মইও সৰুৰে পৰা সত্ৰীয়া সংস্কৃতিৰে প্ৰভাৱিত। বৰগীত অথবা সত্ৰীয়া সংগীতৰ এটা ধাৰা মাজুলীতেই আছে; যিহেতু মইও এই মাটিতেই জন্ম গ্ৰহণ কৰিছিলো; গতিকে ইয়াক লৈ মই খুবেই গৌৰন্বিত। মাজুলীৰ সত্ৰীয়া সংস্কৃতিক লৈ বহু কিবা-কিবি কৰাৰ সপোন বুকুত বান্ধি ৰাখিছো। ইয়াৰ উপৰিও, মিছিং জনগোষ্ঠীৰ যি কলা- সংস্কৃতি; তাক লৈও কিবা এটা কৰাৰ খুব ইচ্ছা আছে।

"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 4

প্ৰশ্নঃ অসমৰ সংগীত ক্ষেত্ৰখনক লৈ আপোনাৰ কিবা পৰিকল্পনা??

পিংকি মেধিঃ নিশ্চয়; বিগত বৰ্ষত মোৰ প্ৰথমটো অসমীয়া গীত “হেঁপাহ” মুক্তি লাভ কৰিছিল। ইয়াৰ লগতে, বহু প্ৰকল্প আছে কিন্তু “লক-ডাউন” ৰ ফলত সকলো ৰৈ আছে। এই সকলোবোৰ শান্ত হোৱা পিছতেই মোৰ আগন্তুক অসমীয়া ভাষাৰ প্ৰজেক্ট সমূহত হাত দিম।

প্ৰশ্নঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সৈতে অসমৰ কিবা পাৰ্থক্য আপুনি অনুভৱ কৰেনে?

পিংকি মেধিঃ অসমৰ সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ সলনি হৈছে। আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে। মোৰ প্ৰায় এই কথাবোৰ মনলৈ আহে । ৰাষ্ট্ৰীয় ক্ষেত্ৰটো কিছু কিছু দিশত একেই দেখিবলৈ পোৱা যায়; তথাপিও মই ভাবো অসমতেই হওঁক বা ৰাষ্ট্ৰীয় ক্ষেত্ৰতেই হওঁক ভাল গীতৰ আদৰ কৰাটো উচিত। ভাল গীতে দৰ্শকৰ সঁহাৰি পোৱাটো প্ৰয়োজন।

"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 5

প্ৰশ্নঃআগন্তুক কিবা প্ৰকল্প আপোনাৰ?

পিংকি মেধিঃ অসমীয়া আৰু হিন্দী এই দুই ক্ষেত্ৰতে মোৰ কৰিবলগীয়া কিছু প্ৰকল্প আগন্তুক সময়ত দৰ্শকে নিশ্চয়কৈ দেখিব। কৈছোৱে নহয়; এনে পৰিস্থিতিৰ কিছু সাম কাটিলেই মই কাম বোৰ কৰিম।

ধন্যবাদ বা… আপোনাৰ সফলতা কামনা কৰিছো।

"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি 6

পিংকি মেধিঃ তোমালৈও ধন্যবাদ। তোমাৰ এই প্ৰচেষ্টা সফল হওঁক; বহুত শুভেচ্ছা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform