Rupaliparda.com
অসমীয়া ছবিৰ দ্বাৰাও অনা হৈছিল স্বচ্ছতাঃ "অজানিতে মনে মনে" ছবিখনত প্ৰতিফলিত "স্বচ্ছ ভাৰত অভিযান"- 1

অসমীয়া ছবিৰ দ্বাৰাও অনা হৈছিল স্বচ্ছতাঃ “অজানিতে মনে মনে” ছবিখনত প্ৰতিফলিত “স্বচ্ছ ভাৰত অভিযান”-

“স্বচ্ছ ভাৰত অভিযান” ক কেন্দ্ৰ কৰি নিৰ্মিত এখন অসমীয়া ছবি হৈছে “অজানিতে মনে মনে”। ২০১৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা “স্বচ্ছতা” ৰ আঁচনি খনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ৰত্ন প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল স্বচ্ছ ভাৰত গ্ৰামীণ (অসম) য়ে। জনসাধাৰণক এখন সুস্থ,সৱল সমাজ গঢ় দিয়াৰ উপৰিও ইয়াৰ চাফ-চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও ছবিখনৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছিল। উপকূল বৰদলৈৰ দ্বাৰা পৰিচালিত ছবিখন অসমৰ সৰ্বমুঠ ৪৫ টা চিত্ৰগৃহত মুক্তি দিয়া হৈছিল। ইয়াত অন্তৰ্ভূক্ত এটি গীতত কন্ঠদান কৰিছিল জুবিন গাৰ্গে আনহাতে সংগীত পৰিচালকৰ দায়িত্বত আছিল মানস হাজৰিকা।

অসমীয়া ছবিৰ দ্বাৰাও অনা হৈছিল স্বচ্ছতাঃ "অজানিতে মনে মনে" ছবিখনত প্ৰতিফলিত "স্বচ্ছ ভাৰত অভিযান"- 2


ছবিখনত অভিনয় কৰিছিল বাহাৰুল ইছলাম, প্ৰাঞ্জল শইকীয়া, ৰাগ ঐনিতম আৰু সুনীতা কৌশিকে। ছবিখনৰ মূখ্য উদ্দেশ্যই আছিল জনসাধাৰণৰ মনত নিজৰ চাৰিওফালে থকা সমগ্ৰ পৰিৱেশটোক চাফ-চিকুণ ৰাখিবলৈ সজাগতাৰ সৃষ্টি কৰা। উল্লেখ্য যে, নৰেন্দ্ৰ মোদীৰ “স্বচ্ছ ভাৰত আঁচনি” য়ে এক ব্যতিক্ৰমী ঢৌৰ সৃষ্টি কৰি দেশৰ জনসাধাৰণৰ মনত সমাজখনক সুন্দৰ কৰি ৰখাৰ মানসিকতা গঢ় দিবলৈ চেষ্টা কৰা হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform