Rupaliparda.com
ধন কটাকলৈও প্ৰস্তুত অভিনেত্ৰী তাপসি পান্নুঃ 1

ধন কটাকলৈও প্ৰস্তুত অভিনেত্ৰী তাপসি পান্নুঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত বলীউড ক্ষেত্ৰ স্তদ্ধ হৈ পৰিছে। ছবি সমূহৰ মুক্তি তাৰিখ আগবঢ়োৱাৰ পৰা আৰম্ভ কৰি বহু ছবিক বৰ্তমান মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে OTT প্লেটফৰ্মত। ৰিপোৰ্টনুসৰি শুনিবলৈ পোৱা গৈছে যে, ক’ভিড ১৯ ৰ ফলত শ্বুটিঙৰ বাজেট প্ৰভাৱিত হোৱাৰ লগতে অভিনেতা-অভিনেত্ৰীৰ প্ৰাপ্য ধনৰো কিছু সাল-সলনি ঘটিব। এই বিষয় সন্দৰ্ভত যেতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অভিনেত্ৰী তাপসি পান্নুৰ মতামত জানিব বিচাৰিছিল তেতিয়া তেওঁ কৈছিল যে, ” বৰ্তমানটো শ্বুটিং বন্ধ; গতিকে কোনেও নিজ দৰমহাবোৰ পোৱা নাই। আৰু, মই প্ৰস্তুত যদিহে আগলৈও মোৰ দৰমহাৰ পৰা কিছু অংশ কটা হয়। জানিব পৰা মতে, ছবি সমূহ থিয়েটাৰৰ সলনি পোনপটীয়াকৈ OTT প্লেটফৰ্মলৈ লৈ যোৱাত অসন্তোষ ব্যক্তি কৰিছে বৰ্তমান একাংশ প্ৰযোজকে।

ধন কটাকলৈও প্ৰস্তুত অভিনেত্ৰী তাপসি পান্নুঃ 2


এই বিষয়েও মন্তব্য কৰি তাপসিয়ে কয় যে, “মই হতহম্ভ নহয় যে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু আমি ৰ’ব লাগিব আৰু চাব লাগিব যে সময় আমাক কোনপিনে লৈ যাব। ভাৰতত থিয়েটাৰ বিজনেছ কোনোদিন বেয়া নহয়।” উল্লেখ্য যে, বৰ্তমান বহু ছবিক মুক্তি দিয়া হ’ব ডিজিটেল প্লেটফৰ্মত। আনহাতে, তাপসিৰো আগন্তুক সময়ত বহু ছবি মুক্তি লাভ কৰা কথা আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform