Rupaliparda.com
জুবলি ফাউণ্ডেছনৰ নতুন পদক্ষেপ #newnormalinlife: 1

জুবলি ফাউণ্ডেছনৰ নতুন পদক্ষেপ #newnormalinlife:

“কভিড ১৯” ৰ ফলত দেশজুৰি অব্যাহত থকা “লক-ডাউনে” একাংশৰ বাবে য’ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে তাতেই আকৌ একাংশলৈ আনিছে আশাৰ বতৰা। পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰাৰ উপৰিও বহু দিনীয়া জিৰণি লাভ কৰিছে একাংশই। এনেক্ষেত্ৰত, চিলেব্ৰেটী সমূহৰ উদাহৰণ মন কৰিবলগীয়া। প্ৰায়ে শ্বুটিং অথবা ভিন্ন কাৰ্যকলাপত ব্যস্ত থকা শিল্পী সকলে বৰ্তমান সময় অতিবাহিত কৰিছে ঘৰৰ সদস্যসকলৰ সৈতে। এই কথাখিনিৰেই এক কাৰ্যসূচী আৰম্ভ কৰিছে “জুবলি ফাউণ্ডেছনে”। #newnormalinlife শীৰ্ষক এই কাৰ্যসূচীত বিভিন্ন জন অসমীয়া চিলেব্ৰেটীয়ে চলি থকা সময়ছোৱাত তেওঁলোকৰ জীৱনত সাধাৰণভাৱে কি চলি আছে তাক ব্যক্ত কৰে। জুবলি ফাউণ্ডেছনৰ দ্বাৰা অনুষ্ঠিত এই কাৰ্যসূচীত যোগদান কৰে অৰুণজিৎ বৰাকে ধৰি অভিনেত্ৰী কল্পনা কলিতাই।


অভিনেত্ৰী কল্পনা কলিতাই এইকেইদিনত নিজ পৰিয়ালৰ সদস্য সকলৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে নিজক ফিট আৰু পজিটিভ ৰখাৰো চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে। আনহাতে, পৰিচালক অৰুণজিৎ বৰাইও “লক-ডাউন” ৰ ফলত নিজৰ লগত ঘটা কিছু ধনাত্মক বিষয়ৰ ওপৰত মত পোষণ কৰে। উল্লেখ্য যে, এই ভিডিঅ’ সমূহৰ দ্বাৰা ইজনে আনজনক টেগ কৰাও দেখিবলৈ পোৱা গৈছে।


কোৱা বাহুল্য যে, প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত পজিটিভ-নিগেটিভ এই দুই ভিন্ন কথা সোমাই থাকে। ইয়াৰ ভিতৰত কোনটো অধিক গ্ৰহণযোগ্য সেয়া নিৰ্ভৰ কৰে ব্যক্তিবিশেষৰ ওপৰত। বৰ্তমান এই পজিটিভ বাৰ্তা সমূহকেই সকলোৰে ওচৰত প্ৰেৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে জুবলি ফাউণ্ডেছনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform