Rupaliparda.com

আয়ূসমান খুৰানাৰ পুত্ৰৰ দ্বাৰা প্ৰমাণিত “পিতা চাই পুত্ৰ”-

আয়ূসমান খুৰানাই বলীউড ক্ষেত্ৰখনত নিজৰ ইমানেই সুন্দৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে যে বৰ্তমান তেওঁ পৰিচালক সমূহৰ প্ৰথমটো পচন্দ হৈ পৰিছে। তেওঁৰ ছবিৰ বিষয়বস্তুকে ধৰি তেওঁৰ অভিনয়ে আকৰ্ষণ কৰে দৰ্শকক। কেৱল মাত্ৰ অভিনয় নহয়; আয়ূসমান খুৰানা যে আন বহু ক্ষেত্ৰত পাৰ্গত তাৰ বহু উদাহৰণ ৰাইজে ইতিমধ্যে কোৱাৰেন্টাইনৰ সময়ছোৱাতে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ আয়ূসমান নহয়; আয়ূসমানৰ পুত্ৰ বিৰাজবীৰৰ এখন ফটোৰ কথাহে আপোনালোকক ক’ম। জ্যেষ্ঠ জনে প্ৰায়ে কয় যে “পিতৃ চাই পুত্ৰ”; আৰু এই কথাষাৰক সম্পূৰ্ণ সঁচা প্ৰমাণিত কৰিছে অভিনেতা গৰাকীৰ পুত্ৰ বিৰাজবীৰে। আয়ূমানে পুত্ৰৰ এখন ফটো আপলোড কৰি কয় যে,”নিজৰ লগতেই ব্যস্ত থাক; তইও মোৰ দৰেই হয়।”

আয়ূসমান খুৰানাৰ পুত্ৰৰ দ্বাৰা প্ৰমাণিত "পিতা চাই পুত্ৰ"- 1


উক্ত কথাষাৰৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে আগন্তুক সময়ত হয়টো পিতৃৰ বহু গুণ দেখিবলৈ পোৱা যাব বিৰাজবীৰৰ ওপৰত। উল্লেখ্য যে, বিৰাজবীৰৰ জন্ম হৈছিল ২০১২ চনত আৰু ইয়াৰ উপৰিও আয়ূসমান খুৰানা ও পত্নী তাহিৰাৰ আন এজনী ছোৱালীও আছে; যাৰ নাম হৈছে বৰুস্কা। বৰ্তমান “লক-ডাউন” ত নিজ পৰিয়ালৰ লগত সময় কটাইছে অভিনেতা আয়ূসমান খুৰানাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform