Rupaliparda.com
জনপ্ৰিয় ঘোষক মনীষ পলৰ দ্বাৰা নিৰ্মিত চুটি ছবি "What If"- অমিতাভ বচ্চনেও কৰিলে প্ৰশংসাঃ 1

জনপ্ৰিয় ঘোষক মনীষ পলৰ দ্বাৰা নিৰ্মিত চুটি ছবি “What If”- অমিতাভ বচ্চনেও কৰিলে প্ৰশংসাঃ

হিন্দী টিভি জগতৰ জনপ্ৰিয় ঘোষক মনীষ পলে “লক-ডাউন” ৰ সময়খিনিৰ সদ্ ব্যৱহাৰ কৰি বাসগৃহতেই থাকি নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি। ছবিখনৰ নাম হৈছে “What If”। ৭ মিনিট ২৭ চেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত মনীষ পলে নিজ নিজ বাসগৃহত সকলোকে সজাগ আৰু সুৰক্ষিত থকাৰ বাৰ্তা প্ৰদান কৰে। মনীষ পলৰ এই চুটি ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ উপৰিও সমাদৰ লাভ কৰিছে বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ। তেওঁ নিজ টুইটাৰ একাউন্টত এক টুইট যোগে চুটি ছবিখনৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। তেওঁ লিখে, ” মনীষ পলে সম্প্ৰতি পৰিস্থিতিৰ ওপৰত আধাৰিত এখন চুটি ছবি নিৰ্মাণ কৰিছে। প্ৰতিটো অংশ গুৰুত্বপূৰ্ণ; প্ৰত্যেকটো সৃষ্টি গুৰুত্বপূৰ্ণ। এই ছবিখন মনীষ পল আৰু কাৰ্তিক সিঙে নিৰ্মাণ কৰিছে।”


চুটি ছবিখনত কোৱাৰেন্টাইনৰ পঞ্চমটো দিনৰ পৰা আৰম্ভ কৰি কোৱাৰেন্টাইনৰ ২৫০ টা দিনলৈ এক কাৰ্যক্ৰম দেখুওৱা হয় য’ত এই দীঘলীয়া সময়ছোৱাত ঘটা সালসলনি সমূহক উপস্থাপন কৰা হয়। শেষলৈ, মনীষ পলে সমূহ জনসাধাৰণক সুৰক্ষিত থকাৰ আহ্বান জনায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform