দেশত ইতিমধ্যে আৰম্ভ হৈছে “লক-ডাউন ৪.০”। এইখিনি সময়ত বিভিন্ন জনৰ বিভিন্ন প্ৰতিভাই আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে দৰ্শকক। যিসকলৰ কোনো বস্তুৰ সৃষ্টি কৰিবলৈ সময়ৰ অভাৱ হৈছিল তেওঁলোকে কোৱাৰেন্টাইনৰ সময়তে প্ৰস্তুত কৰি উলিয়াইছে তেওঁলোকৰ সৃষ্টি সমূহ। কেতিয়াও কোনোৱে ভাবিব নোৱাৰা কিছু বিষয়বস্তুক লৈ নিৰ্মিত গীত, চুটি ছবি অথবা স্ব-সৃষ্ট কবিতাই বহুল সমাদৰ লাভ কৰিছে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “48 ” শীৰ্ষক চুটি ছবিখনে বৰ্তমান আকৰ্ষণ কৰিছে দৰ্শকক। চুটি ছবিখনত কাল্পনিক কাহিনী সন্নিৱিষ্ট কৰা হৈছে যদিও কাহিনীভাগক প্ৰত্যেকেই হৃদয়ংগম কৰিবলৈ সক্ষম হৈ পৰিছে। পৰীক্ষামূলক এই চুটি ছবিখনত অভিনীত প্ৰত্যেকটো চৰিত্ৰই আছিল উপভোগ্য; নিজ কল্পনাক এটা আকাৰ প্ৰদান কৰি বাস্তৱত ৰূপায়িত কৰা হৈছে উক্ত চুটি ছবিখনত।
ছবিখনত থকা কাহিনীৰ উপযুক্ত উপস্থাপন তথা মূখ্য ভূমিকাত অভিনীত অভিনেতা কেইজনৰ পুংখানুপুংখ ভংগিমা থকা বাবেই ছবিখনে বৰ্তমান সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ। অবৈধ সমূহ বৈধ হোৱাৰ পিছত সমাজে সহ্য কৰিবলগীয়া কিছু অকল্পনীয় কাহিনীক অন্তৰ্ভূক্ত কৰা হৈছে উক্ত চুটি ছবিখনত। উল্লেখ্য যে, ছবিখনক প্ৰশংসা কৰে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ লগতে আন বহুতেও। প্ৰাঞ্জল গৈয়াৰীৰ দপৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত অভিনয় কৰিছে জুবিন দাস, অভিজিৎ শৰ্মা আৰু ত্ৰৈলোক্য কাশ্যপে।

কুলদীপ আহন গোস্বামীৰ চিত্ৰনাট্যৰে নিৰ্মিত ছবিখনৰ চিনেমেটো’গ্ৰাফী লগতে সম্পাদনা কৰিছে মিলন জ্যোতিয়ে। চুটি ছবিখনৰ সহঃ পৰিচালক হৈছে নিহাৰ জে. দাস আৰু শব্দ সংমিশ্ৰণ ধ্ৰুৱ হাজৰিকাৰ।
Add comment