বিগত এক-ডেৰ মাহ ধৰি আৱদ্ধ হৈ থকা জনসাধাৰণে নিজৰ মাজত কোনো নতুনত্বৰ অনুভৱ কৰিছেনে বাৰু?? নিজৰ মাজতেই স্থিৰতা ৰাখি ওচৰে-পাজৰে চলা কাৰ্যসূচী অথবা কাৰ্যক্ৰম সমূহ উপভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই নে আপোনালোকে?? আচলতে, এনে প্ৰশ্নৰ উত্তৰ সকলোৱে নিজৰ মাজতেই লাভ কৰিব। কিয়নো আমি কেতিয়াও নভবা এক পৰিস্থিতিয়ে যেতিয়া আমাক খুন্দা মাৰে তেতিয়া আমি আমাৰ জীৱনত ঘটা বহু সৰু সৰু বস্তুক উপলদ্ধি কৰিবলৈ লওঁ; আৰু এনে এক পৰিস্থিতি বৰ্তমান আজি আমাৰ সমুখত উপস্থিত হৈছে। এই পৰিস্থিতিয়ে আমাক বহু পিছলৈ ঠেলি দিয়াৰ উপৰিও এখন পুৰণি কিতাপ পঢ়া বা আমাৰ পূৰণি কিছু অভ্যাসৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হৈ পৰিছে। এনে এক বিষয়বস্তুক লৈয়ে নৱপ্ৰজন্মৰ একাংশই সৃষ্টি কৰি উলিয়াইছে এক পৰীক্ষামূলক সাংগীতিক কাহিনী “ৰৈ ৰৈ বিনালে”। নৱপ্ৰজন্মৰ তিনিগৰাকী উদীয়মান শিল্পীৰ পৰিকল্পনা তথা পৰিচালনাৰে “ৰৈ ৰৈ বিনালে” ৰ কাহিনীভাগ আগুৱাই লৈ যোৱা হৈছে।

টেলিভিছন ক্ষেত্ৰখনতো “লক-ডাউন” ৰ সময়ছোৱাত পূৰ্বৰ দশকৰ “ৰামায়ণ”, “মহাভাৰত” আদিৰ পুনঃপ্ৰচাৰিত কৰা হৈছিল অৰ্থাৎ কৰা হৈছোল পূৰণাৰ পুনঃপ্ৰচাৰ। ঠিক তেনেদৰেই, সম্প্ৰতি জনসাধাৰণেও নিজ ভাল লগা বহু পূৰণি বস্তুত মনোনিৱেশ কৰা সময় লাভ কৰিছে। এয়াই হৈছে নৱপ্ৰজন্মৰ “ৰৈ ৰৈ বিনালে”। কাহিনীভাগ এক সৰল বিষয়বস্তুৰে নিৰ্মিত হ’লেও ইয়াত অন্তৰ্ভূক্ত বিষয়বস্তুক নিশ্চয়কৈ হৃদয়ংগম কৰিব অসমীয়া দৰ্শকেও।

কাহিনীভাগৰ চিত্ৰনাট্য লগতে ইয়াৰ চিত্ৰগ্ৰহণ তথা সম্পাদনা শৌনাক শয়নৰ। DSJ Production ৰ বেনাৰত ইয়াৰ পৰিচালনা কৰিছে ডানিশ তথা শৌনাক শয়নে আৰু কাহিনীভাগত সন্নিৱিষ্ট সংগীত আছিল জোনাকী মনৰ। ইয়াত অভিনয় কৰিছে ডানিশ আৰু কন্ঠশিল্পী জোনাকী মনে।
Add comment