Rupaliparda.com
দীপলিনাৰ অনুৰাগীলৈ সুঃখবৰ- "মধুলগন" ৰ কভাৰ পৰিৱেশন কৰি কাষ চাপক দীপলিনাৰ- 1

দীপলিনাৰ অনুৰাগীলৈ সুঃখবৰ- “মধুলগন” ৰ কভাৰ পৰিৱেশন কৰি কাষ চাপক দীপলিনাৰ-

“লক-ডাউন” ৰ সময়ছোৱাত বিভিন্নজনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। দৰ্শকক কিছু সময় হতাশগ্ৰস্ত বাতৰিৰ পৰা আঁতৰাই ৰখা খাতিৰত আমি বিগত কেইদিনত দেখিবলৈ পাইছিলো বিভিন্ন অনলাইন প্ৰতিযোগিতা; যি প্ৰতিযোগিতা কিছু ফেচবুক পেজৰ লগতে অনুষ্ঠিত কৰিছিল একাংশ কন্ঠশিল্পীয়েও। জনসাধাৰণৰ মাজত থকা সুপ্ত প্ৰতিভাৰ প্ৰদৰ্শনৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এইবাৰ এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে “মধুলগন” গীতটিৰ সৈতে জড়িত কলা-কুশলীয়ে। গীতটিৰ দুমাহ সম্পূৰ্ণ হোৱাৰ দিনটোতেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে গীতটিত কন্ঠদান কৰা দীপলিনা, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তথা সংগীত পৰিচালক পল্লৱ দত্তই।

https://www.instagram.com/p/CAXtN74B5k3/?utm_source=ig_web_copy_link


আগন্তুক ৩০ মে’ তাৰিখলৈ গীতটিৰ “কভাৰ” গাই ভিডিঅ’ আপলোড কৰিব পাৰিব প্ৰতিযোগিয়ে। উল্লেখ্য যে,উক্ত গীতটি মুক্তি লাভ কৰা পিছতেই লাভ কৰিছিল দৰ্শকৰ বহুল সঁহাৰি। দীপলিনা তথা পল্লৱ প্ৰিয়াংকুশৰ যুঁটীয়া কন্ঠই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছিল বুলি শ্ৰোতা ও দৰ্শকে ইতিমধ্যে স্বীকাৰ কৰিছে। গতিকে, দীপলিনাৰ অনুৰাগীৰ বাবেই এয়াই হৈছে সোণালী সুযোগ য’ত তেওঁৰ গীতৰ “কভাৰ” প্ৰস্তুত কৰি কাষ চাপিব পাৰিব দীপলিনাৰ।


“লক-ডাউনে” ইতিমধ্যে ৰাইজৰ মাজত থকা বহু সুপ্ত প্ৰতিভাক প্ৰদৰ্শিত কৰোৱাইছে। সকলোৱে এইকেইদিনত বহু নতুন গীত তথা চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছে। অভিনয়, সংলাপ আদিৰ বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে এইকেইটা দিনত

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.