সমগ্ৰ দেশৰ জনসাধাৰণৰ বৰ্তমান আলোচিতব্য বিষয় হৈছে “ক’ভিড ১৯” অথবা “লক-ডাউন”। বিগত বহু সময়ৰ পৰা জনসাধৰণ কেৱল মাত্ৰ একেটা বস্তুতেই মনোনিৱেশ কৰিছে। য’ত একাংশই “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত নিজ হাজিৰাৰ আহুতি দিবলগীয়া হৈছে; তাতেই আকৌ একাংশই সময় পাইছে নিজ পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ। সকলোৱে কেৱল অহৰহ যুঁজ দিছে এই মহামাৰী “ক’ভিড ১৯” ৰ সৈতে। সকলো বস্তুতেই থকা ধনাত্মক-ঋণাত্মক দুয়োটা দিশৰ পৰা যদি ধনাত্মক দিশটো বাছি লোৱা হয় তেনেহ’লে ইয়াৰ ফলাফলে এক সফলতা প্ৰদান কৰাটো অনিবাৰ্য্য। এনে কিছু পজিটিভ বাৰ্তা দৰ্শকৰ মাজলৈ অনা প্ৰয়াস কৰিছে নৱাগত পৰিচালক অৰুণজিৎ বৰাই। “লক-ডাউন” ত হোৱা বিভিন্ন সৃষ্টিৰ মাজত ইয়ো এক অন্যতম সৃষ্টি ৰূপে পৰিগণিত হ’ব।



এই পৰীক্ষামূলক লক-ডাউন ভিডিঅ’টোত অৰুণজিৎ বৰাই অন্য ৯ খন দেশত অন্তৰ্ভূক্ত ৯ জন ভিন্ন ব্যক্তিত্বৰ পৰা তেওঁলোকৰ “লক-ডাউন”ক লৈ থকা কিছু ধনাত্মক মতামত লৈ এই ভিডিঅ’টো প্ৰস্তুত কৰিছে। এই সন্দৰ্ভত ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, “আমি সকলো বৰ্তমান একগোট হৈ জীয়াই আছো। কোনো অন্য দেশত হোৱা কাজিয়া তথা কোনো ঘটনাক সমগ্ৰ দেশৰ জনসাধাৰণে একেলগে হৃদয়ংগম নকৰে অথবা কেতিয়াবা কৰিব নোৱাৰে। কিন্তু, আমি বৰ্তমান সকলোৱে একগোট হৈ যুঁজ দিছো এই মহামাৰীটোৰ বিৰুদ্ধে; বৰ্তমান এক হৈ পৰিছো আমি। এনেক্ষেত্ৰত আমাৰ মনোভাৱ; দৃষ্টিভংগী সকলো এক হৈছে। আমি জিকিমেই গতিকে জনসাধাৰণৰ মনবোৰো ধনাত্মক হৈ থকাটো ভাল আৰু ইয়াৰ বাবেই মই এই তিনি মিনিট ভিডিঅ’টোৰ দ্বাৰা এক প্ৰচেষ্টা হাতত লৈছো যাতে মানুহৰ মানসিক অশান্তিবোৰ কিছু দূৰ কৰিব পাৰো। ভিডিঅ’টো প্ৰস্তুত কৰিবলৈ আমি কোনো ধৰণৰ নীতি-নিয়মৰ উলংঘা কৰা নাই।”



অৰুণজিৎ বৰাৰ এই প্ৰকল্পটোৰ নাম হৈছে “Sunbeam”। ইয়াৰ পৰিচালক ও প্ৰযোজক হৈছে অৰুণজিৎ বৰা লগতে সহঃ পৰিচালক হৈছে প্ৰিয়াশ্ৰী কাশ্যপ। ইয়াত সহঃ প্ৰযোজনা চিকাগো স্থিত Stanley Sunil Coelho ৰ। আনহাতে, বিষয়বস্ত লেখক হৈছে ৰাজদ্বীপ আৰু ভিডিঅ’টোত অন্তৰ্ভূক্ত হিন্দী কবিতাটি হৈছে প্ৰিয়াশ্ৰী কাশ্যপৰ লগতে আৱহ সংগীত ময়ূৰ নাগপালৰ। সম্পাদনা কৰিছে ৰন্তু চেতিয়াই লগতে ভিডিঅ’টোত থকা ৯ গৰাকী শিল্পী হৈছে ক্ৰমে Ahcitz Azcona (Mexico), Marwa Kamel (Egypt), Sonia Melnyk (Ukraine) , Janina Pritzker (Viana) , Chiao-lin ho (Taiwan), Shirin Caiola (Italy), Wale Don (Africa), Carol Fallon (USA) আৰু বলীউড অভিনেতা Rakesh Chaturvedi OM (ভাৰতবৰ্ষ)।



অৰুণজিৎ বৰা তেওঁৰ আগন্তুক ছবি “মিডনাইট চং” ক লৈও আশাবাদী। যুৱপ্ৰজন্মই ছবিখন আকোঁৱালি লোৱাৰ আশা ব্যক্ত কৰে তেওঁ। পৰিচালক গৰাকীৰ মতে, “মিডনাইট চং” য়ে বৰ্তমানলৈ যিসমূহ ছবি সমাৰোহত প্ৰদৰ্শন কৰা হৈছে সেই আটাইবোৰতেই ই সঁহাৰি লাভ কৰিছে।” লগতে তেওঁ ছবিখনত অভিনীত ৰূপম চেতিয়া, কল্পনা কলিতা তথা মনোজ বৰকটকীৰ অভিনয়ৰো প্ৰশংসা কৰে।
Add comment