দেশত “কভিড ১৯” ৰ দৰে মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত আতংকিত হৈ পৰিছে সমগ্ৰ জনসাধাৰণ। কেওঁদিশে হাঁহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সকলো; কোনোৱে খাবলৈ নাপাই আত্মহত্যাৰ পথো বাচি লোৱা আমি ইতিমধ্যে সংবাদ মাধ্যম যোগে শুনিবলৈ পাইছো। কিন্তু এইবাৰ, অসমবাসী ক’ৰ’ণাৰ সৈতে নহয়; যুঁজিবলগীয়া হৈছে আন এক স্পৰ্শকাতৰ বিষয়ৰ লগতহে। বিগত দিনত দেশৰ প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধানত থকা নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফে অসমৰ দিহিং পাটকাইকে ধৰি বনাঞ্চল ধ্বংস কৰি কয়লা খনৰৰ সিদ্ধান্ত লোৱাত বৰ্তমান ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজৰ লগতে অসমীয়া শিল্পী সকলো। উল্লেখ্য যে, ২০০৪ চনৰ ১৩ জানুৱাৰীত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে স্বীকৃতিপ্ৰাপ্ত দিহিং পাটকাই অভয়াৰণ্য বিভিন্ন জীৱ-জন্তু তথা মূল্যৱান কাঠৰ বাবে বিখ্যাত।

ফলত, প্ৰকৃতিৰ বিৰুদ্ধে হোৱা এনে ধ্বংসলীলাৰ বিৰুদ্ধে বৰ্তমান চচিয়েল মিডিয়াত মাত দিছে প্ৰত্যেকজন শিল্পীয়ে। বনাঞ্চল সমূহে প্ৰদূষণ ৰোধ কৰাত সহায় কৰাৰ লগতে ই প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰে। গতিকে, এনেক্ষেত্ৰত দিহিং-পাটকাইত হ’বলগীয়া কয়লা খননৰ সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী উত্থাপন কৰে অসমীয়া শিল্পী সকলেও। শিল্পী ও জনসাধাৰণৰ এনে হুংকাৰৰ ফলত অৱশেষত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়ে তদন্ত কৰা আশ্বাস প্ৰদান কৰে। “দিহিং-পাটকাই” ক উদ্দেশ্যি চাওঁচোন আহক শিল্পী সকলৰ পোষ্ট সমূহঃ
Add comment