Rupaliparda.com
মায়ানগৰীত প্ৰতিষ্ঠিত অসম সন্তান ও সংগীত ব্যৱস্থাপক সপোন শইকীয়াঃ 1

মায়ানগৰীত প্ৰতিষ্ঠিত অসম সন্তান ও সংগীত ব্যৱস্থাপক সপোন শইকীয়াঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত থকা ভিন্ন শিল্পী, কলা-কুশলীয়ে অসমীয়া সংগীত ক্ষেত্ৰখন চহকী কৰি তুলিছে। তেওঁলোকৰ কামসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। এনেবোৰ শিল্পীৰ বাবে অসমৰ প্ৰত্যেকজন জনসাধাৰণ গৌৰন্বিত হৈ পৰে। ৰূপালীপৰ্দাত ইতিমধ্যে আপোনালোকে প্ৰায় বহু এনে শিল্পীৰ বিষয়ে জানিবলৈ পাইছে। গতিকে, আজিও আপোনালোকৰ ওচৰত এনে এগৰাকী শিল্পীৰ বিষয়ে প্ৰকাশ কৰিম যিয়ে কেৱল অসমীয়া সংগীত ক্ষেত্ৰতেই নহয়; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো খ্যাতি লাভ কৰিছে। তেওঁ বলীউডৰ জনপ্ৰিয় শিল্পী এ.এৰ ৰহমানৰ তত্ত্বাৱধানত কাম কৰিবলৈ সুবিধা লাভ কৰিছে। তেওঁৰ নাম হৈছে সপোন শইকীয়া; নিচেই কম বয়সতে মায়ানগৰীলৈ গৈ নিজ প্ৰতিভাৰ ফলত তেওঁ কেইবাখনো বলীউড ছবিত শব্দযন্ত্ৰী ৰূপে চিনাকী লাভ কৰিছে।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত নীল নীতিন মুকেশ অভিনীত ছবি “বাইপাছ ৰ’ড” ত সপোন শইকীয়াই সংগীত ব্যৱস্থাপক আৰু চাউণ্ড ইঞ্জিনীয়াৰ ৰূপে কাম কৰিছিল। তেওঁৰ কামে প্ৰশংসাও লাভ কৰিছিল জনসাধাৰণৰ। যোৰহাটত জন্মগ্ৰহণ কৰা সপোনে সৰুৰ পৰাই গীতাৰ বজাবলৈ শিকাৰ লগতে হিন্দুস্তানী গীতৰো শিক্ষা অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ মিউজিক প্ৰডাকচনৰ সৈতে জড়িত হয় অসমীয়া কন্ঠশিল্পী নীল আকাশৰ দুটা গীতৰ লগতে জুবিন গাৰ্গৰ গীতটো সংগীত দিয়ে। ২০১৭ চনত মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰাৰ মানসেৰে তেওঁ চেন্নাইলৈ গৈ এ.এৰ.ৰহমানৰ “KM Music College” ত চাউণ্ড ইঞ্জিনীয়াৰিং আৰু মিউজিক প্ৰডাকচনৰ ওপৰত শিক্ষা গ্ৰহণ কৰি চেন্নাইতে কিছুদিনলৈ বিভিন্ন সংগীতৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকে।

মায়ানগৰীত প্ৰতিষ্ঠিত অসম সন্তান ও সংগীত ব্যৱস্থাপক সপোন শইকীয়াঃ 2
মায়ানগৰীত প্ৰতিষ্ঠিত অসম সন্তান ও সংগীত ব্যৱস্থাপক সপোন শইকীয়াঃ 3


তেওঁৰ এই সংগীত যাত্ৰাটোৰ টাৰ্নিং পইন্ট আছিল সদ্যমুক্তিপ্ৰাপ্ত বলীউড ছবি “বাইপাছ ৰ’ড”। ইয়াৰ সমান্তৰালকৈ, আগন্তুক সময়ত তেওঁ কৰ্মৰত কেইবাখনো ছবি অথবা ৱেব চিৰিজ দৰ্শকে উপভোগ কৰিবলৈ পাব। সপোন শইকীয়াই কেৱল মাত্ৰ বলীউডতে নহয় অসমীয়া ক্ষেত্ৰখনৰো বিভিন্ন কামৰ সৈতে জড়িত হৈ আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform