Rupaliparda.com
অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠৰে "আমি হ'মেই সফল"- অসম পুলিচক ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপনঃ 1

অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠৰে “আমি হ’মেই সফল”- অসম পুলিচক ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপনঃ

“ক’ভিড ১৯” য়ে অনা এনে বিভীষিকাময় পৰিস্থিতিৰ মাজতো অসমৰ প্ৰশাসন ব্যৱস্থা লগতে চিকিৎসক সকলে সক্ৰিয় অংশীদাৰ ৰূপে উপস্থিত থাকি পৰিস্থিতিটোৰ সৈতে মোকাবিলা কৰিছে। দিন-ৰাতি একাকাৰ কৰি এওঁলোকে চেষ্টা অব্যাহত ৰাখিছে সমগ্ৰ জনসাধাৰণক সজাগ/ সচেতন কৰাৰ উপৰিও নিৰাপত্তা প্ৰদান কৰাৰ। এওঁলোকক জনসাধাৰণে প্ৰত্যেকটো সময়ত ধন্যবাদো জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। এওঁলোকক লৈ বিভিন্ন চিত্ৰ অংকন কৰাকে ধৰি বিভিন্ন জনে কবিতা ৰচিছে অথবা ভিডিঅ’ প্ৰস্তুত কৰিছে। এইবাৰ এটি পূৰণি জনপ্ৰিয় উৎসাহপূৰ্ণ গীতক নিজ ধৰণে দৰ্শকৰ মাজলৈ আনিছে কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই। অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰাৰ অৰ্থে গীতটিক আকৌ এবাৰ নতুনত্বৰে দৰ্শকৰ মাজলৈ লৈ আনিছে কন্ঠশিল্পী গৰাকীয়ে।

https://www.instagram.com/tv/CAZ-VFmHMIo/?utm_source=ig_web_copy_link


“আমি হ’মেই সফল” অথবা “We shall Overcome” তথা “হম হংগে কামিয়াব” শীৰ্ষক এই প্ৰেৰণামূলক গীতটিত অভিশ্ৰুতিয়ে নিজা কন্ঠ প্ৰদান কৰি “অসম পুলিচ” ক কৃতজ্ঞতা জ্ঞাপন কৰিছে। গীতটিৰ ইংৰাজী সংস্কৰণটোক এৰি হিন্দী ও অসমীয়া সংস্কৰণটো দৰ্শকে শুনিবলৈ পাব অভিশ্ৰুতিৰ কন্ঠৰে। উল্লেখ্য যে, উক্ত গীতটিৰ অসমীয়া সংস্কৰণটোৰ কথাখিনিত কিছু নতুনত্ব প্ৰদান কৰি গীতটিত সংগীত আৰু শব্দ সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই। লগতে, বাঁহীত আছিল নিতুল কৃষ্ণ গোস্বামীৰ আৰু নাগাৰাৰ দায়িত্বত আছিল দ্বীপেন দাসে। গীতটিৰ ভিডিঅ’ যুগুতোৱাৰ লগতে ইয়াৰ সম্পাদনা অম্বৰিশ চৌধুৰীৰ।

অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠৰে "আমি হ'মেই সফল"- অসম পুলিচক ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপনঃ 2


গীতটিয়ে ইতিমধ্যে দৰ্শকক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ মনত বিশ্বাস অনাত সহায় কৰিছে। ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰত অভিশ্ৰুতি বেজবৰুৱাই পূৰ্বতেও অসমৰ প্ৰশাসন ব্যৱস্থাক ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকক সহায়-সহযোগিতা আগবঢ়াবলৈও জনসাধাৰণক আহ্বান জনাইছিল।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform