ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেতা আয়ূসমান খুৰানা নিজৰ দমদাৰ অভিনয়ৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। এইবাৰ এই অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব বলীউড মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে। এইবাৰ দুয়োগৰাকী অভিনেতাক দেখিবলৈ পোৱা যাব ছবি “গোলাব সিতাবো” শীৰ্ষক ছবিখনত। পৰিচালক সুজিৎ সৰকাৰ দ্বাৰা পৰিচালিত এই ছবিখন সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হ’ব OTT প্লেটফৰ্মত অহা ১২ জুন তাৰিখে। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰে লাভ কৰিছে মুক্তি। এনেতে আয়ূসমান খুৰানাই এটি পোষ্ট যোগে অমিতাভ বচ্চনৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। পোষ্টটোৰ দ্বাৰা আয়ূসমানে কয় যে,
“যি ব্যক্তি বিশেষ মোৰ ওচৰত বহি আছে তেওঁ দশকজুৰি মহানায়কৰ স্থানত আছে; সোঁভাগ্যবশতঃ তেওঁ ভেশ বদলি কৰি মোৰ ওচৰত বহিছে। নহ’লে মই পাৰিম জানো তেওঁৰ ওচৰত “কাকো খাতিৰ নকৰো” ৰ দৰে ভংগিমা দিবলৈ!” আয়ূমান খুৰানা ও অমিতাভ অভিনীত এই ছবিখন বিগত বহু দিনৰ পৰা চৰ্চিত হৈ আছিল। তেওঁৰ এই ছবিখনক লৈ উৎসাহী হৈ আছে দৰ্শক সকলো।

আগন্তুক সময়ত আয়ূমান খুৰানাক অনুভৱ সিনহাৰ ছবি “অনেক” ত দেখিবলৈ পোৱা যাব আনহাতে অমিতাভ বচ্চনক দেখিবলৈ পোৱা যাব “ব্ৰহ্মাস্ত্ৰ” , “ঝুণ্ড” আৰু “চেহৰে” ত।
Add comment