দেশত আৰম্ভ হোৱা চতূৰ্থ পৰ্যায়ৰ “লক-ডাউন” সমাপ্তিলৈ মাজত মাত্ৰ কেইটামান দিন। দুমাহৰ অধিক দিন “লক-ডাউন” বৰ্তি থকাত হতাশাৰ মাজেৰেও দিন পাৰ কৰিছে বহুজনে। এই হতাশা সমূহক আঁতৰোৱাৰ স্বাৰ্থত বিগত দিনত মনোৰঞ্জনৰ বিভিন্ন উপায় উলিওৱা দেখিবলৈ পোৱা গৈছিল শিল্পী সমূহক। দৰ্শকে ইয়াক উপভোগ কৰাৰ লগতে কিছু সময়ৰ বাবে হতাশা, আমনিদায়ক কথাবোৰ পাহৰি মনোৰঞ্জন লাভ কৰিবলৈও সক্ষম হৈছিল। এইকেইটা দিনত প্ৰত্যেক জন শিল্পী, কলা-কুশলী একটিভ ৰূপত থকা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত। বিভিন্ন পোষ্ট অথবা বিভিন্ন ভিডিঅ’ৰ যোগান ধৰি এওঁলোকে নিজ নিজ অনুৰাগীৰ কাষ চাপিছে। বলীউডৰ সমান্তৰালকৈ জলীউডৰ শিল্পী সমূহৰো এনে প্ৰচেষ্টা দেখিবলৈ পাইছে ৰাইজে। আকৌ এবাৰ এনে প্ৰচেষ্টাৰ সৈতে আগবাঢ়িছে অসমীয়া অভিনেতা উদয়ন দুৱৰা।
কোৱাৰেন্টাইনত থকা এই শিল্পী গৰাকীয়ে অতি শীঘ্ৰেই আৰম্ভ কৰিব এটা মনোৰঞ্জনধৰ্মী অনুষ্ঠান। “UD Talks” শীৰ্ষক অভিনেতাগৰাকীৰ এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটিব। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা হ’ব এই অনুষ্ঠানটো। অহা সপ্তাহলৈ অভিনেতা গৰাকীৰ এই প্ৰচেষ্টাটোক মুক্তি কৰা হ’ব দৰ্শকৰ সমুখত। জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।

শেহতীয়াকৈ “ইপাৰ-সিপাৰ” ছবিখনত অমৃতা গগৈৰ সৈতে দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। ইয়াৰ উপৰিও, আগন্তুক সময়ত উৰ্মিলা মহন্ত তথা বৰষা ৰাণী বিষয়াৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা উদয়ন দুৱৰাক। “গুৱাহাটী ডাইৰীজ” ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক।
Add comment