Rupaliparda.com
"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 1

“JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…”- ইন্দ্ৰাণী শৰ্মা

চচিয়েল মিডিয়াত এটা ভিডিঅ’ ক্লিপ অথবা একোটা পোষ্ট ভাইৰেল হোৱা আমি নিশ্চয় দেখিছো নাইবা আমি নিজেও লগ হৈ এই পোষ্ট অথবা ভিডিঅ’ ভাইৰেল কৰিছো। বৰ্তমান “মিম” সমূহেও সাংঘাতিক চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। কিন্তু, কিছুদিন পূৰ্বে ভাইৰেল হৈছিল এটা কাহিনী; যি কাহিনীয়ে হিয়া-মন জুৰাই পেলাইছিল পঢ়ূৱৈৰ। বিজ্ঞানভিত্তিক এই পৃথিৱীত বস্তু সমূহৰ কৃত্ৰিমতাৰ মাজতো কিন্তু চচিয়েল মিডিয়াত ক্ষন্তেকতে ভাইৰেল হোৱা এই কাহিনীটোক লৈ অপেক্ষাও কৰি ৰৈছিল বিভিন্ন জন। এয়াই আছিল JEC ৰ কাহিনী; এয়াই আছিল আস্থা-অৰ্ণৱৰ প্ৰেমৰ কাহিনী। এই কাহিনীটোক নিজ শব্দ তথা অনুভূঁতিৰে গুঁঠিছিল ইন্দ্ৰাণী শৰ্মাই। উক্ত ভাৰ্চুৱেল উপন্যাস খনক কিছুদিন পূৰ্বে কিতাপ আকাৰেও প্ৰকাশ কৰা হয়।

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 2


ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আমি কথা পাতিম লেখিকা ইন্দ্ৰাণী শৰ্মাৰ সৈতে। জানিম তেওঁৰ বিষয়ে কিছু কথাঃ

প্ৰশ্নঃ JEC য়ে ইন্দ্ৰাণী শৰ্মাক দিছে নতুন চিনাকী; চচিয়েল মিডিয়াত ভাইৰেল হৈছে আপুনি! এইবোৰ ভাবিলে এতিয়া কেনে অনুভৱ হয়?

ইন্দ্ৰাণী শৰ্মাঃ এয়া ২০১৯ ৰে কথা। চচিয়েল মিডিয়াত বৰ বেছি দিনলৈ কোনো এটা বস্তু ৰৈ নাযায় অথবা বহু দিনলৈ কোনো এটা বস্তুয়ে চচিয়েল মিডিয়াত স্থিতি লাভ নকৰে। কিন্তু JEC আছিলে; আস্থা-অৰ্ণৱ আছিলে। গতিকে, ভাল লাগিছিল; জীৱনত প্ৰথমবাৰৰ বাবে যেতিয়া কিবা এটা লিখাৰ পিছত এনেদৰে পঢ়ূৱৈয়ে আকোঁৱালি লোৱাৰ লগতে ইয়াক ইমান বেছি ভাইৰেল কৰি তুলিছিলে। তেতিয়া সঁচাকৈ ভাল লাগিছিলে। মানুহে আশা কৰাতকৈ অধিক পালে আচলতে এনেও সুখী হয়। মোৰ কিবা এটা পঢ়িবলৈ মানুহ বোৰ এতিয়াও ৰৈ থাকে; কেতিয়াবা তেওঁলোকেও কবিতা লিখি মোক পঠিয়ায়। কেতিয়াবা মোৰেই খবৰ লয়। যেতিয়া ৰাইজৰ পৰা এনে আঁদৰ পোৱা যায় তেতিয়া সঁচাকৈ বৰ ভাল লাগে, এয়া খুবেই ভাল লগা অনুভৱ…

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 3

প্ৰশ্ৰঃ নতুন প্ৰজন্মই য’ত পলকতে এটা বস্তু বিচাৰে; কিন্তু আপোনাৰ একোটা খণ্ডক লৈ তেওঁলোকে অপেক্ষা কৰাও আমি দেখিছো। আপুনি নতুন ধাৰাৰ সৃষ্টি কৰা যেন অনুভৱ হয়নে??

ইন্দ্ৰাণী শৰ্মাঃ মই নৱপ্ৰজন্ম বুলি কোৱা শব্দটোৰ সৈতে একমত নহয়। নৱপ্ৰজন্ম বুলিয়ে নহয়; সকলো মানুহেই যেতিয়া কোনো এটা বস্তু সুলভ হৈ পৰে তেতিয়া তাক বেছিকৈ বিচাৰিবলৈ ধৰে। যেনেদৰে আমি আগতে দূৰদৰ্শন চাইছিলো কিন্তু এতিয়া আমাৰ তাত নেটফ্লিক্স, এমেজন প্ৰাইম ইত্যাদি মাধ্যমবোৰ আছে বাবে আমি যি বিচাৰিছো তাকেই চাইছো। অ’ এইটো ঠিক যে; JEC ৰ খণ্ড সমূহ পঢ়িবলৈ ৰাইজ ৰৈছিল কিয়নো পঢ়ূৱৈয়ে এই কাহিনীটোৰ লগতে চৰিত্ৰ সমূহৰ ভিতৰত সোমাই পৰিছিল। আস্থা,অৰ্ণৱ, উৎপল আৰু নিশাৰ সৈতে তেওঁলোকে সংযোগ স্থাপন কৰিব পাৰিছিল বাবেই তেওঁলোক ৰৈ দিছিল।
ইয়াৰ উপৰিও, নতুন ধাৰাৰ সৃষ্টি কৰা বুলি ক’বলৈ টান হ’ব কিয়নো গল্প, উপন্যাস আদি আগৰ পৰাই বহুতেই লিখিছে। কিন্তু এটা কথা আছিল যে; JEC ক পঢ়ূৱৈয়ে হৃদয়ংগম কৰিব পাৰিছিল। মই ভবা নাছিলো যে চচিয়েল মিডিয়াত ইয়াৰ কাহিনী উপলদ্ধ হৈ থকা পিছতো ৰাইজে JECৰ কিতাপখনো ক্ৰয় কৰিব। বিগত নৱেম্বৰ মাহতেই ইয়াৰ তিনিটা সংস্কৰণ ওলাইছিল।

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 4

প্ৰশ্নঃ জানিব পৰা মতে, JEC ৰ ওপৰত কেন্দ্ৰ কৰি এখন ৱেব চিৰিজ অহা কথা আছে। এয়া কিমান দূৰ সত্য?

ইন্দ্ৰাণী শৰ্মাঃ তুমি ক’ৰ পৰা শুনিছা মই নাজানো বাৰু! হয়, কথা পতা হৈছে; বিভিন্ন জনে মোক ইতিমধ্যে ধাৰাবাহিকৰ বাবে, চিনেমাৰ বাবে নাইবা ৱেব চিৰিজৰ বিষয়ে সুধিছে। কিন্তু এতিয়ালৈ একো থিৰাং কৰা হোৱা নাই; যিহেতো বৰ্তমান পৰিস্থিতিও ইমান বেয়া হৈ পৰিছে গতিকে এইবোৰ একো ভাবিবই পৰা নাই। যদিহে পৰৱৰ্তী সময়লৈ সকলো সাধাৰণ হৈ পৰে; তেতিয়াহ’লে নিশ্চয় ৰাইজে JEC ৰ ওপৰত ৱেব চিৰিজেই হওঁক নাইবা চিনেমাই হওঁক কিবা এটা চাব পাৰিব।

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 5

প্ৰশ্নঃ আগন্তুক কিবা প্ৰজেক্ট??

ইন্দ্ৰাণী শৰ্মাঃ আগন্তুক প্ৰজেক্ট বুলি নহয়; কিবা এটা লিখাৰ পৰিকল্পনা কৰিছো। মই ভাবো কিবা এটা বস্তু যেতিয়া ভাবি-চিন্তি লিখা হয় তেতিয়া তাৰ সত্যতাটো নথকা হৈ যায়। গতিকে, লিখি থোৱা আছে কিছু বস্তু। পৰিস্থিতিবোৰ ঠিক হ’লেই হয়টো আকৌ এবাৰ ৰাইজৰ মাজলৈ আনিম। লগতে, অফিচৰো কিছু কাম থাকে; ধাৰাবাহিকতা নাথাকিলে আকৌ পঢ়ূৱৈও বেয়া পাব নহয় গতিকে পৰিস্থিতিবোৰ সাম কাটক চোন তাৰ পিছত চাওঁ……

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 6

প্ৰশ্নঃ ৰূপালীপৰ্দাৰ জৰিয়তে “কভিড ১৯” ক লৈ অসমবাসীক কি ক’ব বিচাৰিব আপুনি???

ইন্দ্ৰাণী শৰ্মাঃ “কভিড ১৯” অথবা “লক-ডাউন” ৰ বাবে নতুনকৈ আৰু কি ক’ম! টিভি অথবা সংবাদ মাধ্যমত ইতিমধ্যে সকলো নীতি-নিয়ম বাৰে বাৰে জনাই থকা হৈছে। মোৰ ডাক্টৰ বান্ধৱী এজনীয়ে কৈছিলে পানী হেনো বহুত খাব লাগে; গতিকে পানী খাব লাগে বেছিকৈ লগতে ব্যায়াম কৰিব লাগে; এইকেইটা দিনত টোপনি ক্ষতি কৰিব নালাগে। মনবোৰ বেয়া নকৰি এইকেইদিন সকলোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ ক’ম। সোনকালে হজম হোৱা শাক-পাচলিবোৰ এইকেইদিনত খাব লাগে; শৰীৰটো ভালদৰে ৰাখিব লাগিব।
আৰু এটা কথা ক’বলৈ বিচাৰিম যে, এই দিনকেইটাত চচিয়েল মিডিয়াত বৰ বেছিকৈ কিছুমান আপত্তিজনক খবৰ দেখিবলৈ পাইছো; গতিকে আপোনালোক যাতে ইয়াত কোনো নোসোমাওঁক। ৰাজনীতি ইয়াত টনাটো ভাল নহয় বুলিয়ে মই ক’ম। এইকেইদিনত আনকো সহায় কৰক; বহু বেছি প্ৰয়োজন নহ’লে বাহিৰলৈ ওলাই নাযাবলৈ চেষ্টা কৰক।

"JEC লগতে অৰ্ণৱ-আস্থা, উৎপল, নিশাৰ সৈতে পঢ়ূৱৈয়ে সংযোগ কৰিব পাৰিছিলে…"- ইন্দ্ৰাণী শৰ্মা 7

……… ধন্যবাদ বা। আপুনি ইমান ধুনীয়াকৈ কথাখিনি ব্যক্ত কৰাৰ বাবে।

ইন্দ্ৰাণী শৰ্মাঃ ধন্যবাদ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.