Rupaliparda.com
বৰষা ৰাণী বিষয়াৰ "পজিটিভিটি"- কৰিলে ভগৱানকো আহ্বানঃ 1

বৰষা ৰাণী বিষয়াৰ “পজিটিভিটি”- কৰিলে ভগৱানকো আহ্বানঃ

“পজিটিভিটি” বিলাইছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। দৰ্শক ও নিজ অনুৰাগীক হতাশ নহ’বলৈ উপদেশ দি ভগৱানক এই ধ্বংসলীলা বন্ধ কৰিবলৈও আহ্বান জনায় অভিনেত্ৰী গৰাকীয়ে। বৰষা ৰাণী বিষয়াৰ উক্ত চচিয়েল মিডিয়া পোষ্টটোত আন কেইবাগৰাকীও অভিনেত্ৰীয়ে কমেন্ট কৰে। কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰায়ে এই অভিনেত্ৰী গৰাকীক বিভিন্ন পোষ্ট কৰি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছিল লগতে তেওঁ ব্যক্তিগত ইউটিউব চেনেলতো তেওঁৰ একাংশ পূৰণি জনপ্ৰিয় ছবিৰ কিছু স্মৃতিক দৰ্শকৰ ওচৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও, সম্প্ৰতি বৰষা ৰাণী বিষয়াক টিক-টকতো সক্ৰিয় ৰূপত দেখা যায়। অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে নৃত্য পৰিৱেশন কৰি দৰ্শকক আকৰ্ষিত কৰে। কিন্তু এইবাৰ নিজে হতাশ হ’লেও ভাঙি নপৰাৰ সংকল্প ল’লে অভিনেত্ৰী বৰষাই।

https://www.instagram.com/p/CAf6iL7B-m3/?utm_source=ig_web_copy_link


বৰষা ৰাণী বিষয়াক সামাজিক কিছু ক্ষেত্ৰতো মাত মতা দেখিবলৈ পোৱা যায়। জনসাধাৰণৰ কন্ঠ হৈ তেওঁ বিতৰ্কিত “কা” বিৰোধী আন্দোলনতো আগ-ভাগ লৈছিল। আনহাতে, কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ অনুৰাগীক তেওঁৰ কচৰৎ সমূহো ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি দেখুৱাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform