Rupaliparda.com
অসমীয়া গীতক আধুনিকতাৰে সজোৱা জিতুল সোণোৱালঃ 1

অসমীয়া গীতক আধুনিকতাৰে সজোৱা জিতুল সোণোৱালঃ

অসমীয়া সংগীত ক্ষেত্ৰখন চহকী কৰি তুলিবলৈ বিভিন্ন জন শিল্পীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। ড° ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি খগেন মহন্ত, জয়ন্ত হাজৰিকা আদিৰ সমান্তৰালকৈ জিতুল সোণোৱালো আছিল ইয়াৰ ভিতৰত এগৰাকী; যিয়ে অসমীয়া সংগীতক আধুনিকতাৰে সজাই ইয়াক অসমীয়া ছবি আৰু সংগীত ক্ষেত্ৰত প্ৰদান কৰিছিল। “যদি কেতিয়াবা”, “জোন জ্বলে তৰা জ্বলে”, “কেতিয়াবা অজানিতে” আদি গীত বৰ্তমানেও অসমীয়া সংগীতপ্ৰেমী সকলৰ বুকুত জীয়াই আছে। ২০১৪ চনত বিজেপি ত যোগদান দিয়া এই গৰাকী শিল্পী North East Zone Cultural Centre তো “হেড” ৰূপে আছে। তেওঁ অসমীয়া সংগীত ক্ষেত্ৰখন চহকী কৰি তুলিবলৈ কেইবাগৰাকীও বলীউডৰ কন্ঠশিল্পীক মাতি আনি অসমীয়া আধুনিক গীত প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল।

অসমীয়া গীতক আধুনিকতাৰে সজোৱা জিতুল সোণোৱালঃ 2
অসমীয়া গীতক আধুনিকতাৰে সজোৱা জিতুল সোণোৱালঃ 3


তেওঁৰ উল্লেখনীয় এলবামসমূহ হৈছে ক্ৰমে নিৰিবিলি গধূলি, বৃষ্টি, নতুন লহৰ তথা সোণালী। ইয়াৰ উপৰিও জিতুল সোণোৱালে কেইবাখনো অসমীয়া ছবিতো সংগীত পৰিচালনা কৰিছিল। সেইকেইখন হৈছে হেপাঁহ, সংঘাত লগতে বুকুৰ মাজত জ্বলে। জিতুল সোণোৱালৰ কন্ঠৰে আহকচোন শুনো কেইটিমান গীতঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform