Rupaliparda.com
ভূৱা বাতৰিত বিৰাম লগাই অক্ষয় কুমাৰৰ সূচনা জাৰিঃ 1

ভূৱা বাতৰিত বিৰাম লগাই অক্ষয় কুমাৰৰ সূচনা জাৰিঃ

অক্ষয় কুমাৰ তথা নুপূৰ সেননৰ মিউজিক ভিডিঅ’ “ফিলহাল” ক দৰ্শকে বহুল সমাদৰ জনাইছিল। বৰ্তমান সকলো দিশৰ পৰাই যিহেতু শ্বুটিং সমূহ বন্ধ কৰি ৰখা হৈছে; তৎস্বত্বেও উক্ত মিউজিক ভিডিঅ’টোৰ দ্বিতীয়টো সংস্কৰণৰ বাবে “কাষ্ট” বিচৰা হৈছে বুলি খবৰ অহা শুনিবলৈ পোৱা গৈছিল। কিন্তু এই আটাইবোৰ খবৰত বিৰাম লগাই অক্ষয় কুমাৰে এক সূচনা দাঙি ধৰিছে; যাৰ দ্বাৰা তেওঁ অনুৰাগী সকলকো সাৱধান কৰি দিয়ে। অক্ষয়ে একেষাৰে জনাই দিয়ে যে “ফিলহাল” ৰ দ্বিতীয়টো সংস্কৰণৰ বাবে বৰ্তমান কোনো ধৰণৰ কাষ্টিংগ কৰি থকা হোৱা নাই। অক্ষয় কুমাৰে টুইট কৰি কয় যে, “ক’ৰ’ণা সময়ত ভূৱা বাতৰিটো বহুত শুনিছে কিন্তু এতিয়া ভূৱা কাষ্টিংগো কৰি থকা হৈছে।”

https://twitter.com/akshaykumar/status/1266618090395013120

ইয়াৰ লগতে তেওঁ এখন সূচনা জাৰি কৰে; য’ত লিখা আছে যে, “আমি জানিবলৈ পোৱা অনুসৰি কিছু লোকে ফিলহাল পাৰ্ট ২ ৰ কাষ্টিংগক লৈ ভূৱা বাতৰি বিয়পাইছে। কিন্তু আমি “ফিলহাল” ৰ সকলো সদস্যই এই বাতৰিক সম্পূৰ্ণ অমান্য কৰিছো। আমাৰ লগতে আমাৰ প্ৰডাকচন হাউচ আৰু আমাৰ সৈতে জড়িত কোনো ব্যক্তিগত লোক, এজেঞ্চীয়ে অথবা কোম্পানীয়ে গীতটিৰ বাবে কোনো ধৰণৰ কাষ্টিংগ কৰা নাই।”

ইয়াৰ লগতে তেওঁলোকে জনাই যে, “ফিলহাল পাৰ্ট ১ য়ে পোৱা সঁহাৰিৰ প্ৰতি লক্ষ্য কৰি ৰাখি আমি ইয়াৰ দ্বিতীয়টো পাৰ্ট আনিবলৈ উৎসাহিত হৈ আছিলো কিন্তু সেয়া বৰ্তমান সম্ভৱ নহয়। এতিয়া যিবোৰ পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰি আছো; এই পৰিস্থিতিত বনোৱা নিয়ম নীতি সমূহ পালন কৰিয়ে আপোনালোক চলি যাওঁক। আমি ভিডিঅ’টোৰ দ্বিতীয়টো সংস্কৰণ সোনকালেই আপোনালোকৰ ওচৰত আনিম।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.