Rupaliparda.com
ভৃগু কাশ্যপ ও ৰাকেশ ৰিয়ানৰ প্ৰচেষ্টাঃ উৎসাহী জনসাধাৰণ- 1

ভৃগু কাশ্যপ ও ৰাকেশ ৰিয়ানৰ প্ৰচেষ্টাঃ উৎসাহী জনসাধাৰণ-

মুক্তি পালে অসমীয়া কন্ঠশিল্পীৰ সৌজন্যত “Homemade Mashup Video”। “লক-ডাউন” ৫.০ ৰ আৰম্ভণিৰ মাজতেই কন্ঠশিল্পী সমূহৰ ন-ন প্ৰচেষ্টাত বৰ্তমান উৎসাহী তেওঁলোকৰ অনুৰাগী। পূৰণি গীত সমূহক একত্ৰিত কৰি প্ৰস্তুত কৰি উলিওৱা “Homemade Mashup Video” ত এতিয়া বৃদ্ধি হোৱা ভিউৱাৰচৰ সংখ্যাও দেখিবলৈ পোৱা গৈছে। অসমীয়া সংগীত ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰা ক্ৰমে ভৃগু কাশ্যপ, সুবাসনা দত্ত, গীতালী, নিলাক্ষী নেওঁগ, দীপলিনা ডেকা, জ্যোতি শৰ্মা আৰু মানসী চহৰীয়াৰ কন্ঠৰে ৰাইজৰ চিনাকী কিছু গীতক একগোট কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Homemade Mashup Video”। ইয়াত সংগীত দিছে পিংকল প্ৰত্যুষে আৰু আনহাতে ইয়াৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে দিগন্ত বৰদলৈ। আনহাতে, আন এগৰাকী কন্ঠশিল্পী ৰাকেশ ৰিয়ানে অনুৰাগীক আমোদ দিয়াৰ উদ্দেশ্যে কৰিলে আন এক প্ৰচেষ্টা।


তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “অস্ত বেলি” ত অসমীয়া অভিনেতা- অভিনেত্ৰীক একগোট কৰি প্ৰস্তুত কৰিলে এটি ভিডিঅ’। উল্লেখ্য যে, উক্ত গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছিল বহুল জনপ্ৰিয়তা। সুনীতা কৌশিক, অমৃতা গগৈকে আৰম্ভ কৰি কিশোৰ দাস, আলিস্মিতা, বিবেক বৰাইও লগ দিয়ে গীতটিৰ ভিডিঅ’ত। নতুন সুৰুযৰ আশাৰে নিৰ্মিত এই গীতটিক “লক-ডাউন” ৰ মাজতেই প্ৰস্তুত কৰা হৈছিল।

https://www.instagram.com/tv/CA2OzFqJtzK/?utm_source=ig_web_copy_link


অনুৰাগী সমূহৰ মনোৰঞ্জনৰ অৰ্থে শিল্পীসমূহৰ থকা দায়বদ্ধতা সঁচাকৈ লেখত ল’বলগীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform