Rupaliparda.com
অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ- 1

অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ-

য’ত একাংশ নৱপ্ৰজন্মই নতুনৰ সৃষ্টি কৰি আজুৰিছে প্ৰশংসা তাতেই আকৌ একাংশৰ দুষ্কৰ্মই বৰ্তমান লাজত পেলাইছে জনসাধাৰণক। কিছুদিন পূৰ্বৰে পৰা ফেচবুকত চলি থকা আৰ্টিষ্টক ব্লেকলিষ্ট কৰা প্ৰক্ৰিয়াটোক লৈ চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। বহুতো শিল্পীয়ে ইয়াৰ প্ৰতিবাদো আৰম্ভ কৰি তুলিছিল; অসমীয়া শিল্পী সমাজৰ পৰাই এগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে অৱশেষত হাতত ল’বলগীয়া হ’ল আইনী ব্যৱস্থা; নিৰুপায় হৈ কাষ চাপিবলগীয়া হ’ল আইনৰ। হয়, আপোনালোকে ঠিকেই শুনিছে; একাংশ ফেচবুক পেজৰ এডমিন সকলে দিয়া মানসিক অশান্তিৰ পৰা অভ্যস্ত হৈ কন্ঠশিল্পী বৰ্ণালী কলিতাই আইনী ব্যৱস্থা হাতত ল’লে। তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ ওচৰত কণ্ঠশিল্পী গৰাকীয়ে দাখিল কৰিছে এজাহাৰ । উল্লেখ্য যে, নিজৰ ফেচবুক পেজৰ পৰা বিহুৰ সময়ছোৱাত বৰ্ণালী কলিতাই দুই-এদিনৰ বাবে লাইভ হৈ অনুৰাগীৰ কাষ চাপিছিল যদিও পৰৱৰ্তী সময়ত কিছু ব্যক্তিগত কাৰণত তেওঁ আনৰ ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অমান্ত হয়।

অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ- 2
অৱশেষত আইনৰ কাষ চাপিল বৰ্ণালী কলিতা: দাখিল কৰিলে এজাহাৰ- 3


বৰ্ণালী কলিতাক প্ৰায় ৫৭ খন ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অনুৰোধ কৰিছিল। কিন্তু কালক্ৰমত, এই আটাইবোৰ কথাৰ প্ৰসংগ তুলি একাংশ ফেচবুক পেজৰ এডমিন সকলে All Assam Admin Group নামৰ এটা Whatsaap গ্ৰুপয়ে বৰ্ণালী কলিতাৰ মেমে প্ৰস্তুত কৰি ভাইৰেল কৰা কথা পোহৰলৈ আহে। আচলতে, বেয়াৰ মাজতো যে ভাল থাকে ইয়াৰ প্ৰমাণ সদায় সৰু বৰ কথাত পাব পৰা যায়। বৰ্ণালী কলিতাৰ কিছু শুভাকাংক্ষীৰ তৎপৰতাত কন্ঠশিল্পী গৰাকী এই আটাইবোৰ তথ্য পাবলৈ সক্ষয় হয় আৰু আইনৰ কাষ চাপে।


বহুতো জনপ্ৰিয় গীতৰ গৰাকী বৰ্ণালী কেৱল অসমীয়াই নহয় ভিন্ন ভাষাৰ প্ৰায় ১০ হাজাৰ গীতটো কন্ঠদান কৰি অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল। তেওঁৰ গীতসমূহ আজিও তেওঁৰ অনুৰাগীৰ বাবে আপোন। টিক-টক ভিডিঅ’ প্ৰস্তুতিত প্ৰায়ে সক্ৰিয় হৈ থকা বৰ্ণালীৰ ভিডিঅ’ সমূহত অসমীয়া অভিনেতা-অভিনেত্ৰীও কমেন্ট কৰা দেখিবলৈ পোৱা যায়। ভূপেন হাজৰিকা, দ্বীপেন বৰুৱা, জুবিন গাৰ্গকে আদি কৰি মন্টুমণি, নীল আকাশলৈ অসমীয়া সংগীত ক্ষেত্ৰখনৰ প্ৰায় প্ৰত্যেকজন কন্ঠশিল্পীৰ সৈতে কন্ঠদান কৰা বৰ্ণালীয়ে বলীউডতো নিজৰ উজ্বলাবলৈ সক্ষম হৈছে। অনু মালিক, শান, ইছমাইল দৰবাৰ, যাৱেদ আলিৰ লগতো কাম কৰিছে কন্ঠশিল্পী গৰাকীয়ে। তেওঁৰ এই কষ্ট ও সংগ্ৰামক নস্যাৎ কৰি তেওঁৰ বিৰুদ্ধে এনেবোৰ কাম কৰিবলৈ ক’ত সাহস পালে সেয়াই এক প্ৰশ্ন উত্থাপন কৰিছ এতিয়া বৰ্ণালী কলিতাই।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform