কিছুদিন পূৰ্বে “বন্দী” শীৰ্ষক এটি গীতে খলকনিৰ সৃষ্টি কৰিছিল সচেতন মহলত। গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ নামটোও চৰ্চা লাভ কৰিছিল একাংশৰ মুখত। পাঠশালাৰ বামাখাটা নামে এখন ঠাইত জন্মগ্ৰহণ কৰি সৰুৰ পৰাই পিতৃ জিতেন বৰুৱাৰ সানিধ্যত সংগীতৰ শিক্ষা গ্ৰহণ কৰা অৰূপজ্যোতি বৰুৱাই দ্বিতীয় শ্ৰেণীৰ পৰাই গুৰুজনাৰ বৰগীত সমূহ গাবলৈ আৰম্ভ কৰিছিল। নিজ গাওঁতেই হোৱা বিভিন্ন লোক-সংস্কৃতিৰ কামত জড়িত হৈ থকা অৰূপজ্যোতি বৰুৱা ২০০৬ চনত গুৱাহাটীলৈ আহি কেৱল মাত্ৰ সংগীতত কন্ঠদান কৰাই নহয় বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জড়িত হৈ পৰে সংগীত পৰিচালনাৰ কামত। নিজ গাওঁতেই ৰূপেন কলিতা নামে এগৰাকী শিক্ষাগুৰুৰ পৰা শাস্ত্ৰীয় গীতৰ শিক্ষা গ্ৰহণ কৰা উক্ত শিল্পীগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰজ্ঞান বৰুৱা তথা বিদ্যুৎ মিশ্ৰৰ পৰাও শাস্ত্ৰীয় সংগীতৰ জ্ঞান অৰ্জন কৰে। অৰূপজ্যোতি বৰুৱাৰ প্ৰথম খন এলবাম আছিল ২০১১ চনত মুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”। ২০১১ চনৰ পৰা ২০১৬ চনলৈ প্ৰায়ে থিয়েটাৰ আৰু অসমীয়া ছবি ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকে কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱা।
“যাযাবৰ”, “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” আদি ছবিত কৰা অৰূপজ্যোতি বৰুৱাৰ কামে বহুল প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছিল। “সংগ নহ’লে সংগীত নহয়” বুুলি থকা কথাষাৰৰ ওপৰতেই বিশ্বাস কৰি তেওঁ Cultivators নামে এটি ব্ৰেণ্ড মুকলি কৰি তাত কেইবাজনো উদীয়মান শিল্পীক লগ লৈ অৰূপজ্যাতি বৰুৱাই কামসমূহ আৰম্ভ কৰিবলৈ ল’লে। সদ্যমুক্তিপ্ৰাপ্ত “বন্দী” উক্ত ব্ৰেণ্ডটোৰেই এক অন্যতম নিবেদন। উল্লেখ্য যে, অৰূপজ্যোতি বৰুৱাই “ত্ৰিপলিং-২” শীৰ্ষক ৱেব চিৰিজখনৰো এটি গীতত কন্ঠদান কৰিবলৈ সুবিধা লাভ কৰিছিল।


“বন্দী” শীৰ্ষক গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ আৰু গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা অৰূপজ্যোতি বৰুৱাৰ। সংগীত প্ৰযোজনা ও গীতাৰৰ দায়িত্বত আছিল ইশানু লগতে গীতৰ শব্দ সংমিশ্ৰণ ভাস্কৰ শৰ্মাৰ (Euphony Studio, Mumbai) আৰু ইয়াৰ সম্পাদনা উপামান্যু দাসৰ। “বন্দী” ৰ ভিডিঅ’ পৰিচালনা ও দৃশ্যগ্ৰহণ উপামান্যু দাসৰ আৰু ইয়াত তেওঁক সহায় কৰিছে প্ৰাচুৰ্য্য দেৱ চৌধুৰীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাৎ “লক-ডাউন” ৰ ঘোষণা কৰাৰ পিছতেই আৱদ্ধ হৈ পৰে অৰূপজ্যোতি বৰুৱাৰ লগতে Cultivators ৰ অন্যতম সদস্য দিগন্ত ৰয়। দুয়োগৰাকী শিল্পী আৱদ্ধ হৈ থকা সময়ছোৱাত কৰা বিভিন্ন চিন্তা-ধাৰাৰ মাজেৰেই সৃষ্টি কৰা হ’ল গীত “বন্দী”।
Add comment