Rupaliparda.com
ৱাজিদ খানৰ মৃত্যুঃ শোকস্তব্ধ বলীউড- 1

ৱাজিদ খানৰ মৃত্যুঃ শোকস্তব্ধ বলীউড-

চলিত বৰ্ষটো বলীউডৰ বাবেই বেয়া ৰূপে পৰিগণিত হৈ পৰিছে। ইজনৰ পিছত সিজন শিল্পীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বলীউড। সংগীত ক্ষেত্ৰখনৰ সাজিদ-ৱাজিদ এক জনপ্ৰিয় নাম; কিন্তু এই নামটোৰ পৰা বৰ্তমান আধা অংশ ভৱিষ্যতলৈ হেৰাই গ’ল। ৱাজিদ খানৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে মায়ানগৰী। শেহতীয়াকৈ “লক-ডাউন” ৰ সময়ছোৱাত ৱাজিদে ছলমান খানৰ দুটিকৈ গীত ক্ৰমে “প্যাৰ কৰো না” আৰু “ভাই ভাই” ত সংগীত পৰিচালনা কৰিছিল। ৪৩ বছৰ বয়সতে শিল্পী গৰাকীয়ে মৃত্যুক আকোঁৱালি লোৱাত প্ৰায় সকলো আচৰিত হৈ পৰিছে। প্ৰিয়ংকা চোপ্ৰা, পৰিণীতি চোপ্ৰা, চনু নিগম, মীকা সিং, বৰুণ ধৱনকে আদি কৰি প্ৰায় কেইবাজনো বলীউড তাৰকাই ৱাজিদ খানৰ মৃত্যুত তেওঁক উদ্দেশ্যি একোটা পোষ্ট কৰি শোক প্ৰকাশ কৰে। তলত চাওঁক পোষ্ট সমূহঃ

View this post on Instagram

My Brother Wajid left us.

A post shared by Sonu Nigam (@sonunigamofficial) on

https://twitter.com/ParineetiChopra/status/1267207633968066561
https://twitter.com/Varun_dvn/status/1267201458627211264


উল্লেখ্য যে, কিডনী সমস্যাত ভুগি থকা ৱাজিদ পূৰ্বৰে পৰা কেইবাখনো হাস্পাতালত ভৰ্তি হৈছিল। কিডনীৰ উপৰিও ৱাজিদ খান হৃদৰোগৰ সমস্যাৰ সৈতে যুঁজিছিল। ইয়াৰ লগতে, কিডনীৰ চিকিৎসা কৰি থকা সময়ছোৱাত যেতিয়া তেওঁৰ ক’ৰ’ণা টেষ্ট কৰা হৈছিল তেতিয়া তেওঁক পজিটিভ চিনাক্ত কৰা হৈছিল। বিগত এসপ্তাহৰ পৰা তেওঁ ক’ৰ’ণা ৰোগী হৈও আছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform