Rupaliparda.com
নতাশা ষ্টানকোভিচে শীঘ্ৰেই লাভ কৰিব মাতৃত্বৰ সুখঃ 1

নতাশা ষ্টানকোভিচে শীঘ্ৰেই লাভ কৰিব মাতৃত্বৰ সুখঃ

হাৰ্দিক পাণ্ডেয়া আৰু তেওঁৰ পত্নী ও অভিনেত্ৰী নতাশা ষ্টানকোভিচে তেওঁলোকৰ ঘৰলৈ আহিবলগীয়া নতুন আলহীক আদৰিবলৈ সাজু হৈ পৰিছে। দুয়ো চিলব্ৰেটী তেওঁলোকৰ প্ৰথম সন্তানক আদৰিবলৈ ইতিমধ্যে যো-জা আৰম্ভ কৰিছে। চলিত বৰ্ষৰ প্ৰথমটো দিনাই হাৰ্দিক পাণ্ডেয়া ও অভিনেত্ৰী নতাশাই ইজনে আনজনক জীৱনসংগী ৰূপে গ্ৰহণ কৰি চচিয়েল মিডিয়াত কৰা আপলোডে বহুল চৰ্চা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল। এতিয়া তেওঁলোকৰ জীৱনলৈ আহিবলগীয়া সৰু নতুন আলহীজনৰ খবৰো দুয়ো চিলেব্ৰেটীয়ে চচিয়েল মিডিয়া যোগেই অনুৰাগীক জানিবলৈ দিয়ে।

https://www.instagram.com/p/CA2ktl8A5BV/?utm_source=ig_web_copy_link

নতাশাই হাৰ্দিক পাণ্ডেয়াৰ সৈতে এখন ফটো আপলোড কৰি কয় যে, “হাৰ্দিক আৰু মই এতিয়ালৈ বৰ সুন্দৰ বাটত খোজ দিলো আৰু আগন্তুক বাটছোৱা ইয়াতকৈ অধিক সুন্দৰ হ’বলৈ গৈ আছে। আমি নিজৰ জীৱনত এটি সৰু জীৱনক আনিবলৈ উৎসাহিত হৈ পৰিছো; গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনাৰ আমাক প্ৰয়োজন।”

নতাশা ষ্টানকোভিচে শীঘ্ৰেই লাভ কৰিব মাতৃত্বৰ সুখঃ 2


নতাশা ষ্টানকোভিচ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ নিজ পৰিয়ালৰ বিভিন্ন খন ফটো তেওঁ আপলোড কৰে। ২০১৩ চনত মুক্তিপ্ৰাপ্ত ছবি “সত্যাগ্ৰহ” ৰ দ্বাৰা অভিনয় জীৱনৰ আৰম্ভণি কৰা নতাশাক উক্ত ছবিখনৰ এটি আইটেম ছং ত তেওঁক দেখিবলৈ পোৱা গৈছিল। বাদশাহৰ “দি জে ৱালে বাবু” গীতটিটো নতাশাক দেখিবলৈ পাইছিল দৰ্শকে। ইয়াৰ লগতে তেওঁ “বিগ বছ ৮” তো অংশগ্ৰহণ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.