Rupaliparda.com
কাৰোবাৰ বাবে প্ৰাপ্তি; আনহাতে কাৰোবাৰ বাবে অপ্ৰাপ্তিঃ আহি আছে চুটি ছবি " "I Like Your T-Shirt"- 1

কাৰোবাৰ বাবে প্ৰাপ্তি; আনহাতে কাৰোবাৰ বাবে অপ্ৰাপ্তিঃ আহি আছে চুটি ছবি ” “I Like Your T-Shirt”-

একাংশ নৱপ্ৰজন্মৰ সৃষ্টিক উদ্দেশ্যি বৰ্তমান উৎসাহিত হৈ থাকে জনসাধাৰণ। বৰ্তমান সময়ছোৱাৰ উদীয়মান যুৱক ক্ৰমে তিৰাপ সীমান্ত মেধি, ডানিশ লগতে প্ৰাঞ্জল গৈয়াৰী, কমল লোচনৰ নাম ইতিমধ্যে আপোনালোকে শুনিছে অথবা এওঁলোকৰ প্ৰায় কামেই আপোনালোকৰ চিনাকী। এই আটাইকেইজন যুৱকে “লক-ডাউন” ৰ সময়ত এনে কিছু ন-ন বিষয়বস্তুৰ সৃষ্টি কৰিছে; যি আটাইবোৰেই জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও প্ৰশংসাও লাভ কৰিছে বিভিন্নজনৰ। পুনৰ বাৰ, উক্ত আটাইকেইজন যুৱকৰ প্ৰচেষ্টাৰে আহি আছে এখন চুটি ছবি “I Like Your T-Shirt”। ৰোমান্টিক ধৰ্মী এই চুটি ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব চলিত মাহৰ ৬ তাৰিখৰ পৰা। “লক-ডাউন” ত জনসাধাৰণক কিছু প্ৰেমময় ৰঙত ৰঙীণ কৰি তুলিবলৈ আন এখন চুটি ছবি নিৰ্মাণৰ চেষ্টা হাতত লৈছে যুৱক কেইগৰাকীয়ে। প্ৰেমে এগৰাকী ব্যক্তি বিশেষৰ জীৱন সুন্দৰ কৰাৰ উপৰিও ইয়াক কেওঁদিশৰ পৰা সুখী কৰি তোলে।

কাৰোবাৰ বাবে প্ৰাপ্তি; আনহাতে কাৰোবাৰ বাবে অপ্ৰাপ্তিঃ আহি আছে চুটি ছবি " "I Like Your T-Shirt"- 2


যিমানেই ঘাত-প্ৰতিঘাত, প্ৰাপ্তি-অপ্ৰাপ্তি, মিল-অমিল, অভিমান, অভিযোগৰ দীঘলীয়া শাৰী নাথাকক কিয়; দুই ব্যক্তিবিশেষৰ প্ৰেমে এই আটাইবোৰ নস্যাৎ কৰি কেৱল আগলৈ খোজ দিয়ে। প্ৰেমৰ সম্পৰ্কত ইজনৰ তাত থকা শূণ্যতাক আনজনে পৰিপূৰ্ণ কৰি তুলিবলৈ সমগ্ৰ বাধা নেওঁচি আগবাঢ়ে। “অধিকাৰ” শব্দটোতেই সন্নিৱিষ্ট হৈ থাকে প্ৰেমিকদ্বয়ৰ ঘনিষ্ঠতা। এই আটাইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অনুভৱক একত্ৰিত কৰি লিখি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। ইয়াত অভিনয় কৰিব কমল লোচন আৰু শ্ৰেষ্ঠা চৌধুৰীয়ে লগতে ইয়াৰ পৰিচালনা আৰু কাহিনী প্ৰাঞ্জল গৈয়াৰীৰ।

কাৰোবাৰ বাবে প্ৰাপ্তি; আনহাতে কাৰোবাৰ বাবে অপ্ৰাপ্তিঃ আহি আছে চুটি ছবি " "I Like Your T-Shirt"- 3


ছবিখনৰ চিত্ৰনাট্য ও সংলাপ ডানিশৰ আৰু ইয়াৰ দৃশ্যগ্ৰহণ, সম্পাদনাৰ দায়িত্বত আছে তিৰাপ সীমান্ত মেধি। আনহাতে ছবিখনৰ প্ৰডাকচন মেনেজাৰ অভিজিৎ শৰ্মা। উল্লেখ্য যে, কমল লোচন বৰ্তমান ব্যস্ত “দুটি মনৰ জোনাক” শীৰ্ষক ধাৰাবাহিকখনৰ সৈতে; আনহাতে আগন্তুক সময়ত শ্ৰেষ্ঠাক দেখিবলৈ পোৱা যাব এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “দা শ্লেম বুক” ছবি খনত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform