Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত আন এক নাম ৰশ্মি ৰেখা দেৱীঃ 1

অসমীয়া সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত আন এক নাম ৰশ্মি ৰেখা দেৱীঃ

আগন্তুক সময়ত অসমীয়া সংগীত ক্ষেত্ৰখনলৈ বহু এনে কন্ঠশিল্পীৰ আগমন ঘটিব যিয়ে হয়টো ক্ষেত্ৰখনক আকৌ এখোজ আগুৱাই লৈ যোৱাত সহায় কৰিব। ইতিমধ্যে এনে বহু কন্ঠশিল্পীৰ বিষয়ে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে; ঠিক তেনেদৰে আকৌ এগৰাকী নতুন কন্ঠশিল্পী আগবাঢ়িছে তেওঁৰ সংগীতময় যাত্ৰাৰ সফলতাৰ দিশত। বিশ্বজিৎ বৰাৰ মুক্তি পাবলগীয়া ছবি “লখিমী” ৰো এটি গীতত কন্ঠদান কৰিছে এই কন্ঠশিল্পী গৰাকীয়ে। কন্ঠশিল্পী গৰাকীৰ নাম হৈছে ৰশ্মি ৰেখা দেৱী; নলবাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। কেইবাটাও গীতৰ কভাৰ প্ৰস্তুত কৰি জনসাধাৰণৰ প্ৰশংসা লাভ কৰা ৰশ্মিয়ে ইতিমধ্যে লাভ কৰিছে সংগীতত বিষাৰদ।

অসমীয়া সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত আন এক নাম ৰশ্মি ৰেখা দেৱীঃ 2


বৰপেটা ৰোডত থকা অৱস্থাত ফুল দেৱীৰ নামে এগৰাকী সংগীত শিক্ষয়িত্ৰীৰ পৰা ক্লাছিকেল আৰু লোকগীতৰ শিক্ষা গ্ৰহণ কৰা ৰশ্মিয়ে পিছলৈ প্ৰদীপ মিশ্ৰৰ পৰাও সংগীত শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত গুৱাহাটীলৈ আহি ৰশ্মিয়ে পাণ্ডুস্থিত গীত ভাৰতী গানৰ স্কুলত যোগদান কৰি পমী ভট্টাচাৰ্য্য আৰু স্কুল খনৰেই অধ্যাপক শিবেন বেনাৰ্জীৰ ওচৰত গান শিকিবলৈ আৰম্ভ কৰে। তাতেই তেওঁ বিষাৰদ লাভ কৰিবলৈ সক্ষম হয়। একোগৰাকী উদীয়মান কন্ঠশিল্পীৰ ভিতৰত ৰশ্মি ৰেখা দেৱীৰ নামো অন্যতম। আহকচোন শুনো তেওঁৰ কন্ঠৰে দুটিমান গীতঃ

অসমীয়া সংগীত ক্ষেত্ৰত অন্তৰ্ভূক্ত আন এক নাম ৰশ্মি ৰেখা দেৱীঃ 3


২৪ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া “লখিমী” ছবিখন “লক-ডাউন” ৰ ফলত ইয়াৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। উক্ত ছবিখন মুক্তি লাভ নাই কৰা যদিও ছবিখনৰ গীত দুটিয়ে জনসাধাৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.