Rupaliparda.com
ৱাজিদ খানৰ মৃত্যুত মৰ্মাহত অসমীয়া শিল্পী সমাজঃ 1

ৱাজিদ খানৰ মৃত্যুত মৰ্মাহত অসমীয়া শিল্পী সমাজঃ

মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা কোনো এজন ব্যক্তি হেৰাই গ’লে আচলতে ইয়াৰ প্ৰভাৱ প্ৰত্যেকখন ক্ষেত্ৰতেই পৰা দেখিবলৈ পোৱা যায়। যোৱাকালি সংগীত পৰিচালক ৱাজিদ খানৰ মৃত্যু হোৱাত মৰ্মাহত হৈছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰও। অসমীয়া অভিনেতা-অভিনেত্ৰীকে আৰম্ভ কৰি কন্ঠশিল্পী সকলেও একোটা পোষ্ট দি ৱাজিদ খানৰ মৃত্যুত শোক প্ৰকাশ কৰে। চলিত বৰ্ষটোত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ মৃত্যয়ে আচলতে প্ৰত্যেকগৰাকী শিল্পীকেই দুখ দিছে। নিজ নিজ ক্ষেত্ৰত ইতিমধ্যে বহুল জনপ্ৰিয়তা লাভ কৰা ইৰফান খান, ঋষি কাপুৰৰ মৃত্যুৰ পিছত কম বয়সতে হোৱা ৱাজিদ খানৰ মৃত্যুয়ে এতিয়া সকলোকে দুখিত কৰিছে। বহু সময়ৰ পৰা কিডনী সমস্যাত ভুক্তভোগী হৈ থকা ৱাজিদ হৃদৰোগৰ সমস্যাতো ভুগিছিল। পৰৱৰ্তী সময়ত তেওঁৰ গাত ক’ভিড ১৯ ৰো লক্ষণো পৰিলক্ষিত হৈছিল।

ৱাজিদ খানৰ মৃত্যুত মৰ্মাহত অসমীয়া শিল্পী সমাজঃ 2

https://www.instagram.com/p/CA4TTkHF8dS/?utm_source=ig_web_copy_link

উল্লেখ্য যে, বলীউডৰ চিনাকী নাম শাজিদ-ৱাহিদে পোন প্ৰথমবাৰ ছলমান খানৰ ছবি “প্যাৰ কিয়া তৌ ডাৰনা ক্যা” ত সংগীত পৰিচালনা কৰিছিল। ইয়াৰ পিছতে দুই ভাতৃৰ সংগীত যাত্ৰা আৰম্ভণি ঘটে আৰু পিছলৈ তেওঁলোকক ৰিয়েলিটী শ্ব’ “চা ৰে গা মা পা চিংগিং চুপাৰষ্টাৰ” লগতে ” চা ৰে গা মা পা” ৰ ২০১২ চনৰ সংস্কৰণত বিচাৰকৰ আসন গ্ৰহণ কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.