Rupaliparda.com
"শৰীৰৰ বাবে উপযুক্ত খাদ্য; ৰাষ্ট্ৰৰ বাবে উপযুক্ত সামগ্ৰী"- মিলিন্দ সুমন 1

“শৰীৰৰ বাবে উপযুক্ত খাদ্য; ৰাষ্ট্ৰৰ বাবে উপযুক্ত সামগ্ৰী”- মিলিন্দ সুমন

চচিয়েল মিডিয়াত চীনা সামগ্ৰী প্ৰত্যাহাৰক উদ্দেশ্যি বিভিন্ন পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে ৰাইজ ও তাৰকা সকলক। #BoycottChineseProducts ৰ ট্ৰেণ্ড চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে। অভিনেতা মিলিন্দ সুমনে ইয়াক লৈ প্ৰায় কেইবাটাও পোষ্ট ইতিমধ্যে চচিয়েল মিডিয়াত কৰা আৰম্ভ কৰিছে।

কিছুদিন পূৰ্বে তেওঁ “টিক-টক” প্ৰত্যাহাৰ কৰা বুলি অনুৰাগীক জানিবলৈ দিছিল। তেওঁ আন এক টুইট কৰি কয় যে, “শৰীৰ ও ৰাষ্ট্ৰ… দুইটাক সুস্থ কৰি ৰাখিবলৈ এটাই উপায় আছে, “চিনি বন্ধ”। শৰীৰৰ বাবে “উপযুক্ত খাদ্য” আৰু ৰাষ্ট্ৰৰ বাবে “উপযুক্ত সামগ্ৰী”… #BoycottChineseProducts।” ইয়াৰ পূৰ্বেও এটি পোষ্ট যোগে তেওঁ টিক-টক আৰু ব্যৱহাৰ নকৰে বুলি ব্যক্ত কৰে। উল্লেখ্য যে, ইঞ্জিনিয়াৰ ও শিক্ষাবিদ ৱাংগচুকে কিছুদিন আগতে ভাৰতীয়ক চাইনা সামগ্ৰী প্ৰত্যাহাৰৰ কৰি ভাৰতীয়ক নিজৰ নাগৰিক শক্তি দেখুৱাবলৈ কৈছিল।

"শৰীৰৰ বাবে উপযুক্ত খাদ্য; ৰাষ্ট্ৰৰ বাবে উপযুক্ত সামগ্ৰী"- মিলিন্দ সুমন 2


মিলিন্দ সুমনক এইকেইটা দিনত পূৰ্ণৰূপত চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। মিলিন্দ সুমনক ৱেব চিৰিজ “ফৌৰ মৰ চট্চ” ত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও, তেওঁ ইনষ্টাগ্ৰামত অনুৰাগীক লৈ বিভিন্ন পোষ্ট কৰে। খাদ্য-বস্তুৰ পৰা আদি কৰি ব্যায়াম আদিৰো বিভিন্ন নিয়ম তেওঁ ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি তেওঁ দৰ্শকক দেখুৱায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform