Rupaliparda.com
আছিল উচ্চতাৰ পাৰ্থক্যঃ তথাপিও আছিল প্ৰেম- অমিতাভ বচ্চন- জয়াৰ শুভ ৪৭ঃ 1

আছিল উচ্চতাৰ পাৰ্থক্যঃ তথাপিও আছিল প্ৰেম- অমিতাভ বচ্চন- জয়াৰ শুভ ৪৭ঃ

১৯৭৩ চনৰ ৩ জুনত বিবাহ পাশত আৱদ্ধ হোৱা অমিতাভ বচ্চন আৰু জয়া বচ্চনে আজি সম্পূৰ্ণ কৰিলে নিজ বিবাহৰ ৪৭ তম বিবাহ বাৰ্ষিকী। পিতৃৰ আদেশমৰ্মেহে হঠাৎ বিবাহ পাশত আৱদ্ধ হৈ পৰিছিল দুই প্ৰেমিক যুগল। জয়া আৰু তেওঁৰ বন্ধুৰ সৈতে অমিতাভ বচ্চন লণ্ডনলৈ ফুৰিব যাব বিচৰাত তেওঁক দেউতাক হৰিবংশ ৰায় বচ্চনে বাধা প্ৰদান কৰিছিল আৰু কৈছিল যদিহে অমিতাভে জয়াৰ লগত বিবাহ পাশত আবদ্ধ নহয় তেতিয়াহ’লে কোনোধৰণৰ “ভেকেচন” ত তেওঁলোক যাব নোৱাৰিব।

আছিল উচ্চতাৰ পাৰ্থক্যঃ তথাপিও আছিল প্ৰেম- অমিতাভ বচ্চন- জয়াৰ শুভ ৪৭ঃ 2

১৯৭৩ চনৰ সেই সময় ছোৱাত দুই অভিনেতা-অভিনেত্ৰী প্ৰেমিক পক্ষী হিচাপেই দেখিবলৈ পোৱা গৈছিল গতিকে দেউতাকৰ আদেশনুযায়ী প্ৰেমিকদ্বয় বিবাহ পাশত আবদ্ধ হয় আৰু পিছদিনা খনেই লণ্ডনলৈ উৰা মাৰে। “বিগ-বি” লাভষ্টৰীৰ বৰ্তমানেও চৰ্চা হয় বলীউডত।


জয়া আৰু অমিতাভ পোন প্ৰথমবাৰৰ বাবে “বন্সী বিৰ্জু” ত একলগে কাম কৰিছিল। দুয়ো অভিনেতা-অভিনেত্ৰীৰ উচ্চতাৰ ক্ষেত্ৰত যদিও বহুল পাৰ্থক্য দেখিবলৈ পোৱা যায়; তৎস্বত্বেও জয়া বচ্চনৰ হাঁহিমুখীয়া চৰিত্ৰটোৱে আকৰ্ষণ কৰিছিল অমিতাভক। আৰু, ক্ৰমশ জয়াৰ প্ৰেমত পৰি ৰৈছিল অমিতাভ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.