Rupaliparda.com
"সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মই নিজৰ আত্মাক শান্তি দিব পাৰে"- আশুতোষ মহাদেৱ ফুকন 1

“সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মই নিজৰ আত্মাক শান্তি দিব পাৰে”- আশুতোষ মহাদেৱ ফুকন

সন্ধিয়া সময়ত নামঘৰ অথবা গোঁসাইঘৰৰ আগত বহি মাতৃ অথবা আইতাৰ লগত কেতিয়াবা প্ৰাৰ্থনা গাই পাইছেনে? আচলতে, প্ৰত্যেকেই জীৱনত এবাৰ হ’লেও এনেদৰে প্ৰাৰ্থনা গোৱা অনুভূতি অনুভৱ কৰিব পাৰিছে। সেই চিঞৰি চিঞৰি গোৱা একোটা প্ৰাৰ্থনাই যেতিয়া মন-মগজুলৈ গতি কৰে তেতিয়াই একোজন ব্যক্তি আকৰ্ষিত হয় সংগীত কলাৰ দিশে। এয়া নতুন নহয়; সৰুৰ পৰা সংগীতৰ পৰিৱেশ লাভ নকৰিলেও তেওঁলোকৰ ওচৰে-পাজৰে দৈনন্দিন হিচাপত চলি থকা কিছু নিয়মে তেওঁলোকক আকৰ্ষণ কৰে “কলা” ৰ প্ৰতি। সেয়া কেৱল সংগীত বুলিয়ে নহয় আন বহু ক্ষেত্ৰতো ই প্ৰযোজ্য। এনেদৰেই এগৰাকী বৰ্তমান সময়ছোৱাৰ কন্ঠশিল্পী নামি পৰিছিল সংগীত ক্ষেত্ৰৰ দিশে। নিজ মাতৃৰ সৈতে নিতৌ সন্ধিয়া একোটা প্ৰাৰ্থনা গাই মন-মগজুত সংগীতৰ প্ৰতি নিষ্ঠাৰ সৃষ্টি কৰিছিল আশুতোষ মহাদেৱ ফুকনে। সপ্তম শ্ৰেণীৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা এই গৰাকী শিল্পীয়ে অষ্টম শ্ৰেণীতেই নিজে লিখি উলিওৱা প্ৰথমটো গীতটোৰ পৰিচালনা সম্পন্ন কৰে।

"সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মই নিজৰ আত্মাক শান্তি দিব পাৰে"- আশুতোষ মহাদেৱ ফুকন 2

ক্ৰমশঃ সংগীতৰ প্ৰতি বাঢ়ি যোৱা নিচাৰ বাবে আশুতোষে গান এটাৰ প্ৰযুক্তিগত বিষয়ৰ প্ৰতিও লক্ষ্য দিয়ে। “এটা গান কেনেকৈ বনায়??” প্ৰশ্নটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে উক্ত শিল্পী গৰাকীয়ে বহু ঠাইত বহুকেইজন লোকৰ পৰা গীত সম্পৰ্কে শিক্ষা গ্ৰহণ কৰে। ২০১৮ চনত আশুতোষৰ প্ৰথমটো গীত “নদী” ক মুকলি কৰা হয় আৰু তাৰ পিছতেই চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে শিল্পী গৰাকীয়ে মুকলি কৰে তেওঁৰ আন এটা ৰোমান্টিক গীত “চিঞৰি চিঞৰি”। উল্লেখ্য যে, মুক্তি লাভ কৰা উক্ত দুয়োটি গীত “জাক হেৰুৱা পখী” শীৰ্ষক তেওঁৰ এলবামটোতেই অন্তৰ্ভূক্ত। আনহাতে, আকৌ এবাৰ আন এটি গীত “মই” ৰ সৈতে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে এই কন্ঠশিল্পী গৰাকী।

"সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মই নিজৰ আত্মাক শান্তি দিব পাৰে"- আশুতোষ মহাদেৱ ফুকন 3


সংগীতকেই সৰ্বোচ্ছ জ্ঞান কৰা আশুতোষে কয় যে, “সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মোৰ নিজৰ আত্মাক শান্তি দিব পাৰে।” সংগীত নোহোৱাকৈ তেওঁ থকাটোও অসম্ভৱ বুলিও ব্যক্ত কৰে তেওঁ। সংগীতৰ এয়াই আৰম্ভণি আৰু আগন্তুক সময়লৈ ভাল কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে আশুতোষ মহাদেৱ ফুকনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform