“লক-ডাউন” সময়ছোৱাত বিভিন্ন জনসাধাৰণৰ মানসিক অৱস্থা, দুখ-বেদনা আদি ইতিমধ্যে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰকাশ কৰিছে। সেয়া চুটি ছবিতেই হওঁক অথবা সংগীত যোগেই হওঁক ব্যক্তিবিশেষৰ মনস্তাত্বিক কিছু জটিলতাৰ বিষয়ে উপস্থাপন কৰিছিল একাংশই। কিন্তু, “লক-ডাউন” ৰ সময়ত এটা শিশুৰ মানসিক অৱস্থা কেনে হৈছিল সেয়া বাৰু কোনোৱে ভাবি চাইছিল নে? কেইবাদিনো ঘৰতেই আৱদ্ধ হৈ থাকিও নিজৰ লগ-বন্ধুৰ পৰা আঁতৰি থকা শিশুৰ মনত কি চলিছিল সেয়া আচলতে ডাঙৰতকৈ ডাঙৰ লোকেও বুজিব পোৱাটো কোনো সময়ত কঠিন হৈ পৰে। ভিন্ন বিষয়বস্তুৰ সৈতে দেখিবলৈ পোৱা একোখন চুটি ছবিৰ দৰেই শিশুৰ মনস্তাত্বিক খেলি-মেলিক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে আন এখন চুটি ছবি “এটা কথা সোধো?”। শিশুৰ কোমলতা আৰু প্ৰশ্নসূচক মনটোক আধাৰ হিচাপে লৈয়ে নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন।

গাৰ্গী দত্তৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন “লকডাউন ১.০” ৰ সময়ছোৱাৰ এটি পৰিয়ালৰ কাহিনীক ৭ মিনিট দৈৰ্ঘ্যত উপস্থাপন কৰা হৈছে। পৰিয়ালৰ সদস্য সকলৰ সৈতে একেটা ঘৰতে আৱদ্ধ হৈ থাকিলেও এটি শিশুয়ে নিয়মীয়াকৈ তেওঁৰ বন্ধু-বৰ্গৰ সৈতে কৰা খেল-ধেমালিক ৰোমন্থন কৰি মনৰ ভিতৰতেই অনুভৱ কৰা এক অজান খেল-মেলিক লৈয়ে নিৰ্মিত এই চুটি ছবিখন। প্ৰকৃতি ও চৰাই-চিৰিকটি, জীৱ-জন্তুয়ে উক্ত দিনকেইটাত কোনো বোজা নোহোৱাকৈ লোৱা শ্বাস-প্ৰশ্বাসৰ কাৰ্যকো এটি সৰু অথচ গুৰুত্বপূৰ্ণ সংলাপেৰে সামৰা হৈছে এই চুটি ছবিখনত।

“এটা কথা সোধো” ত শিশু চৰিত্ৰত অভিনয় কৰিছিল ধীৰ কাশ্যপে। লগতে, চুটি ছবিখনৰ আন চৰিত্ৰত অভিনয় কৰিছিল উপাসনা মহন্তই। ছবিখনত গ্ৰাফিক্স ও পোষ্টাৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ আৰু চাবটাইটেল হিমাংশু শৰ্মাৰ। ছবিখনত শব্দ আৰু সংগীত সৌৰভ মহন্তৰ আনহাতে ছবিখনৰ দৃশ্যগ্ৰহণ ও সম্পাদনাৰ দায়িত্বত আছিল ঝুলন কৃষ্ণ মহন্ত আৰু গাৰ্গী।
Add comment