Rupaliparda.com
সাৰা আলি খানৰ প্ৰশংসাত পঞ্চমুখ পেহীয়েক সোহাঃ 1

সাৰা আলি খানৰ প্ৰশংসাত পঞ্চমুখ পেহীয়েক সোহাঃ

অভিনেত্ৰী সাৰা আলি খান ষ্টাৰ কিডৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় এগৰাকী। তেওঁ যদিও মাত্ৰ ৩ খন ছবিত অভিনয় কৰিছে তথাপিও তেওঁৰ অনুৰাগীৰ দীঘলীয়া শাৰী ইতিমধ্যে প্ৰস্তুত হৈ পৰিছে। চচিয়েল মিডিয়াটো বহুল পৰিমাণত সক্ৰিয় থকা দেখিবলৈ পোৱা যায় অভিনেত্ৰী গৰাকীক। দৰ্শকৰ পৰা লাভ কৰা প্ৰশংসাৰ উপৰিও এইবাৰ সাৰা আলি খানক প্ৰশংসা কৰিছে তেওঁৰ নিজৰেই পেহীয়েক সোহা আলি খানে।

সাৰা আলি খানৰ প্ৰশংসাত পঞ্চমুখ পেহীয়েক সোহাঃ 2

এটা সাক্ষাৎকাৰ যোগে সোহাই কয় যে, যেতিয়া মই সাৰাক ডাঙৰ পৰ্দাত দেখিবলৈ পাওঁ তেতিয়া মই গৌৰৱ অনুভৱ কৰো। সাৰাৰ তাত এটি উল্লেখনীয় কথা আছে যে তেওঁ অইনৰ দৰে হ’বলৈ চেষ্টা নকৰে আৰু এইটোৱে কাৰণ হৈছে যে তাইক সকলোৱে ইমান বেছি মৰম কৰে। সাৰাই হিন্দী, উৰ্দু আৰু ইংৰাজী এই তিনিওটা ভাষাই জানে; গতিকে তেওঁ বহু বেছি পৰিমাণে আত্মবিশ্বাস লৈ ঘূৰে।”

সাৰা আলি খানৰ প্ৰশংসাত পঞ্চমুখ পেহীয়েক সোহাঃ 3


ইয়াৰ উপৰিও সোহাই কয় যে, “মই তেওঁৰ ওপৰত গৌৰৱ অনুভৱ কৰো যে তেওঁ নিজৰ ছবিৰ আৰম্ভণি বৰ সুন্দৰকৈ কৰিছে কাৰণ যেতিয়া আৰম্ভণি সুন্দৰ হয় তেতিয়া আগন্তুক যাত্ৰাও সুন্দৰ হৈ পৰে। মোৰ অনুভৱ হয় যে সাৰাই নিজৰ বাবে ভালতকৈ ভাল ছবিয়ে নিৰ্ধাৰণ কৰে। তেওঁ নিজক সম্ভালি লোৱা কাৰ্যবোৰ মোৰ খুবেই ভাল লাগে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform