Rupaliparda.com
সৰুতেই "ভোগজৰা" নাটত অভিনয় সুযোগ পোৱা সুনীতা কৌশিকৰ জন্মদিনঃ 1

সৰুতেই “ভোগজৰা” নাটত অভিনয় সুযোগ পোৱা সুনীতা কৌশিকৰ জন্মদিনঃ

সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। ১০ জুন অৰ্থাৎ আজি এই গৰাকী অভিনেত্ৰী সুনীতাৰ জন্মদিন; ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো জন্মদিনৰ অশেষ শুভকামনা। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী। কথক নৃত্য কৰি বিভিন্ন সময়ত অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াতো পোষ্ট কৰা দেখিবলৈ পোৱা যায়।

সৰুতেই "ভোগজৰা" নাটত অভিনয় সুযোগ পোৱা সুনীতা কৌশিকৰ জন্মদিনঃ 2


ধাৰাবাহিক ও ছবিৰ সমান্তৰালকৈ সুনীতা কৌশিক কেইবাখনো অসমীয়া ভিচিডি লগতে জড়িত হৈ আছিল অসমীয়া বিভিন্ন বিজ্ঞাপনৰ সৈতেও। “অজানিতে মনে মনে” আৰু “প্ৰিয়াৰ প্ৰিয়” ছবি দুখন তেওঁ অভিনীত ছবিসমূহৰ ভিতৰত উল্লেখনীয়। তেওঁৰ নৃত্যৰ কিছু দৃশ্যাংশ তলত চাওঁক চোনঃ

https://www.instagram.com/tv/B_tzqexlr_2/?utm_source=ig_web_copy_link
https://www.instagram.com/tv/B_kuhgSFSkk/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform