Rupaliparda.com
ডিজিটেল প্লেটফৰ্ম হৈ পৰিল ৰজাঃ কম দামতেই বিক্ৰী হৈছে ছবিঃ 1

ডিজিটেল প্লেটফৰ্ম হৈ পৰিল ৰজাঃ কম দামতেই বিক্ৰী হৈছে ছবিঃ

বস্ক অফিচৰ কালেকচনক কেন্দ্ৰ কৰি যদি চলিত বৰ্ষটোৰ এতিয়ালৈ হিচাপ কৰা হয় তেতিয়াহ’লে ইয়াত কালেকচনৰ কোনো ধৰণৰ ভাল অংক দেখিবলৈ পোৱা নাযাব; “কভিড ১৯” য়ে মাৰ্চ মাহৰ পৰাই এই ছবিগৃহসমূহ বন্ধ কৰি পেলাইছে আৰু বৰ্তমান ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা যিটো হাৰত বৃদ্ধি হৈছে তাৰ তুলনাত এতিয়া যে ছবিগৃহত গৈ দৰ্শকে একোখন ছবি উপভোগ কৰিব সেয়াও এক প্ৰশ্ন হৈ পৰিছে।

ডিজিটেল প্লেটফৰ্ম হৈ পৰিল ৰজাঃ কম দামতেই বিক্ৰী হৈছে ছবিঃ 2

ছবিগৃহত শেষবাৰ মুক্তি পোৱা ছবি দুখন আছিল ক্ৰমে “কাময়াব” আৰু “অংগ্ৰেজী মিডিয়াম”; কিন্তু দুয়োখনৰ ওপৰতেই ক’ৰ’ণা ভাইৰাছৰ মাধমাৰ দেখিবলৈ পোৱা গৈছিল। চিনেমা দুখনৰ বিষয়বস্তু যদিও ভাল আছিল তৎস্বত্বেও ক’ৰ’ণা আতংকৰ ফলত ছবিগৃহলৈ যাব পৰা নাছিল দৰ্শক। যোৱা “তান্হাজী” ছবিখনেহে জানুৱাৰী মাহত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল; কোটিৰ অংকত কালেকচন কৰা এই ছবিখনে মুঠ লাভ কৰিছিল ৩৬৭.৬৫ টকা।

ডিজিটেল প্লেটফৰ্ম হৈ পৰিল ৰজাঃ কম দামতেই বিক্ৰী হৈছে ছবিঃ 3


ইয়াৰ উপৰিও, মাৰ্চ মাহত মুক্তিপ্ৰাপ্ত “বাঘী” ছবিখনেও ভাল লাভ কৰিবলৈ সক্ষম হৈছিল; য’ত তেওঁলোকৰ কালেকচন আছিল ১৩৭.০৫ টকা। উক্ত দুইখন ছবিৰ বাহিৰে কিন্তু পিছলৈ মুক্তি পোৱা এখন ছবিয়েও কৰিব নোৱাৰিলে ১০০ কোটিতকৈ ওপৰত কালেকচন। এনেক্ষেত্ৰত, ছবিৰ প্ৰযোজক সমূহ চিন্তাত পৰি ৰৈছে আৰু ছবিসমূহক কম কম দামতেই বিক্ৰী কৰি দিয়া হৈছে ডিজিটেল প্লেটফৰ্মত। এক কথাত ক’বলৈ গ’লে, ২০২০ চনটো এতিয়া চিনেমা ক্ষেত্ৰৰ বাবে বেয়াৰূপে পৰিগণিত হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.