Rupaliparda.com
সন্তানে মুখত ৰঙেৰে বুলালে নিশিতা গোস্বামী ও আইমী বৰুৱাকঃ 1

সন্তানে মুখত ৰঙেৰে বুলালে নিশিতা গোস্বামী ও আইমী বৰুৱাকঃ

“লক-ডাউন” ৰ সময়ছোৱাত নিজ সন্তান সকলৰ সৈতে সময় কটাইছে অসমৰ দুই অভিনেত্ৰীয়ে। শ্বুটিংৰ পৰা আহৰি নোপোৱা অভিনেত্ৰী দুগৰাকীয়ে বৰ্তমান নিজ সন্তানক বহুল সময় প্ৰদান কৰিছে। প্ৰায়ে দুয়োগৰাকীয়ে চচিয়েল মিডিয়া একাউন্টত বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক আপ্লুত কৰা দেখিবলৈ পোৱা যায়। আইমী বৰুৱা আৰু নিশিতা গোস্বামী একোগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ সমান্তৰালকৈ তেওঁলোক এগৰাকী সু-মাতৃ। নিশিতা গোস্বামী আৰু আইমী বৰুৱাৰ সন্তানে তেওঁলোকৰ মুখত ৰঙেৰে বুলাই মাতৃৰ সৈতে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। য’ত নিশিতা গোস্বামীক তেওঁৰ পুত্ৰই এটা চৰাইলৈ ধাৱমান কৰোৱাইছে তাতেই আকৌ আইমী বৰুৱাক তেওঁৰ দুই সন্তানে ব্যস্ত পিতৃৰ এক ৰূপ দিবলৈ চেষ্টা কৰিছে।

View this post on Instagram

দেউতাক ব্যস্ত। স্বাভাবিক সময়বোৰৰ দৰে এতিয়া সময় দিব পৰা নাই সিহঁতক। মোকেই বহুৱাই সিহঁতে "দেউতাক" সঁজালে …কোমল আঙুলিৰে চেনেহ উপচালে। মাজে মাজে দুয়োটাই দেউতাকক বিচাৰি বৰকৈ আমনি কৰে,উমলিবলৈ বিচাৰে…. যদিও সময়খিনি হাঁহি ধেমালিৰে পাৰ কৰিব খুজিছো….ভিতৰি অন্তৰখনে কেতিয়াবা হাহাকাৰ কৰি উঠে,সিহতৰ সৰল মনৰ অনৰ্গল প্ৰশ্নবোৰৰ ওচৰত অসহায় হৈ পৰো… যে কিয় আগৰদৰে সিহঁতক দেউতাকে সময় দিব নোৱাৰে… আশা কৰিছোঁ সময়বোৰ ভাল হওক,আগৰ দৰে স্বাভাবিক হওক সময়বোৰ… I become the canvas for my children as they miss their dad who has been tirelessly working for the people of our State. In these hard times as their father has been unable to spend time with them as he did earlier,I pray those days return soon and they find their Deuta as they used to… #covid_19 #mother #daughter #son #family #qualitytime #stay_safe #staysafe #love #happy #motherhood #aimee #assameseactress #aimeebaruah #aimeebaruahofficial

A post shared by Aimee Baruah (@aimeebaruahofficial) on


উল্লেখ্য যে, শেহতীয়াকৈ নিশিতা গোস্বামী আৰু আইমী বৰুৱাক এখন আলোচনীৰ কভাৰ পেজত দেখিবলৈ পোৱা গৈছিল। “বৰ্ণালী” আলোচনীখনৰ কভাৰ পেজখনত এওঁলোকক দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও, দুয়োগৰাকী অসমীয়া ক্ষেত্ৰখনৰ দুই গৰাকী লেখত ল’বলগীয়া অভিনেত্ৰী। দুয়োগৰাকীৰ অভিনয়ৰ বাবে তেওঁলোকৰ অনুৰাগীও হৈছে যথেষ্ট।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform