Rupaliparda.com
মাতৃ ও ভগ্নীয়ে ৰাজহুৱাকৈ উপলুঙা কৰিলে কাৰ্তিক আৰিয়নকঃ 1

মাতৃ ও ভগ্নীয়ে ৰাজহুৱাকৈ উপলুঙা কৰিলে কাৰ্তিক আৰিয়নকঃ

বলীউড ক্ষেত্ৰখনত বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় ষ্টাৰ হৈছে কাৰ্তিক আৰিয়ন। তেওঁৰ অভিনয়ক লৈ আচলতে প্ৰত্যেককে উৎসাহী হৈ থকা দেখিবলৈ পোৱা যায়। এই “লক-ডাউন” ৰ সময়ছোৱাত অভিনেতা গৰাকীক তেওঁৰ মাতৃ আৰু ভগ্নীৰ সৈতে সময় কটোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে তেওঁলোকৰ বিভিন্ন ধৰণৰ পোষ্ট আপলোডো কৰিছে অভিনেতা গৰাকীয়ে। তেওঁ ইনষ্টাগ্ৰামত শেহতীয়াকৈ দিয়া ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত তেওঁ “গোলাব সিতাবো” চেলেঞ্জ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই তেওঁৰ মাতৃয়ে তেওঁক জোকায় আৰু অভিনেতাগৰাকীৰ ভগ্নীয়েও তেওঁৰ ফোনটো লৈ যাবলৈ চেষ্টা কৰে। ভিডিঅ’টোত কাৰ্তিক আৰিয়নে চেলেঞ্জ সম্পূৰ্ণ কৰিবলৈ লোৱাৰ সময়তে তেওঁক মাতৃয়ে ৰাতিপুৱাৰ পৰা ইন্টাৰনেটত লাগি থকাৰ বাবে গালি শুনাই আৰু অমিতাভ বচ্চনে যে কাৰ্তিক আৰিয়নক চেলেঞ্জটো কৰিবলৈ টেগ কৰিছে সেই কথাটোতো কাৰ্তিক আৰিয়নৰ মাতৃয়ে অবিশ্বাস কৰি তেওঁক জোকাই দিয়ে।

https://www.instagram.com/p/CBVsa4Rp9Qe/?utm_source=ig_web_copy_link
মাতৃ ও ভগ্নীয়ে ৰাজহুৱাকৈ উপলুঙা কৰিলে কাৰ্তিক আৰিয়নকঃ 2


আনকি তেওঁৰ ভগ্নীয়েও কয় যে, “কৰণ জহৰ” ক টেগ কৰি থকা সময়তে ছাগে কাৰ্তিক আৰিয়ন হৈ পৰিল।” আৰু, ইয়াৰ পিছতেই তেওঁৰ নিজৰ ফোনটো লুডু খেলিবলৈ লৈ যায়। আমাৰ মনত সদায় প্ৰশ্ন হয় যে, এগৰাকী অভিনেতাই ঘৰত কেনেকৈ থাকিব পাৰে অথবা এগৰাকী জনপ্ৰিয় অভিনেতাই হয়টো প্ৰত্যেকটো সময়ত ঘৰত নিজ মাতৃ-ভগ্নীৰ কোমল এষাৰ মাতেৰে দিনবোৰ আৰম্ভ কৰে। কিন্তু, এইকেইদিনত চিলেব্ৰেটী সমূহৰ ঘৰুৱা পৰিৱেশে ঠিৰাং কৰোৱাইছে যে প্ৰত্যেক অভিনেতা-অভিনেত্ৰীয়ে সাধাৰণ জনৰ দৰেই নিজৰ দিনবোৰ অতিবাহিত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform