আয়ূসমান খুৰানা আৰু অমিতাভ বচ্চন অভিনীত ছবি “গোলাব সিতাবো” ক মুকলি কৰি দিয়া হ’ল এমেজন প্ৰাইমত। মুক্তিৰ পিছতেই এই ছবিখন সফল ৰূপে চিনাক্ত হৈ পৰিল দৰ্শকৰ মাজত। ছবিখনৰ ঘোষণা হোৱাৰ পিছতেই দৰ্শকৰ মাজত এক ধনাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু, এই ছবিখনৰ নিৰ্মাণৰ মাজতো আছে আন এক কাহানী। সুজিত চৰকাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনৰ এক সংযোগ আছে দীপিকা-ৰণৱীৰৰ বিবাহৰ সৈতেও। এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়িত আয়ূসমান খুৰানা যদিও এই ছবিখনৰ বাবে নিৰ্দেশকৰ প্ৰথমটো পচন্দ আছিল তৎস্বত্বেও আয়ূসমানৰ বিষয়ে বিভিন্ন বিচাৰ কৰা হৈছিল। “গোলাব সিতাবো” ৰ বাবে প্ৰথমতেই অমিতাভ বচ্চনক লৈ লোৱা হৈছিল; কিন্তু আয়ূসমান খুৰানাক কাষ্টিং কৰা হৈছিল ৰণৱীৰ-দীপিকাৰ বিবাহ অনুষ্ঠানতহে।


সুজিত চৰকাৰে কয় যে, “ৰণৱীৰ-দীপিকাৰ বিবাহনুষ্ঠানতে আয়ূসমানক মই কাহিনীভাগৰ বিষয়ে বুজাইছিলো। আৰু, তেতিয়াই আমি দুয়োগৰাকীয়ে এই ছবিখন নিৰ্মাণক লৈ উৎসাহী হৈ পৰিছিলো। ” উল্লেখ্য যে, আয়ূমান আৰু সুজিতে দুখন ছবিত একেলগে অভিনয় কৰিছে;তেওঁলোকৰ প্ৰথমখন ছবি আছিল “বিকি ডনাৰ”।
Add comment