Rupaliparda.com
মুক্তিৰ পিছতেই জনপ্ৰিয় প্ৰিয়ংকা ভৰালী ও অনুৰাগৰ "লুকা-ভাকু"- 1

মুক্তিৰ পিছতেই জনপ্ৰিয় প্ৰিয়ংকা ভৰালী ও অনুৰাগৰ “লুকা-ভাকু”-

মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত ভিন্ন কলা-কুশলী লগ হৈ নিজ নিজ দায়িত্ব বুজি তেওঁলোকৰ একোটা সৃষ্টিক “লক-ডাউন” ৰ মাজতেই আগবঢ়াইছে জনসাধাৰণৰ মাজত। এনেই এটি নতুন গীতক এতিয়া আকোঁৱালি লৈছে দৰ্শক ও শ্ৰোতাই। জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী ও নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ মুক্তিপ্ৰাপ্ত “লুকা-ভাকু” শীৰ্ষক এটি গীতটিয়ে ইতিমধ্যে খলকনি লগাইছে চচিয়েল মিডিয়াত। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেই আচলতে আকৰ্ষণ কৰিছিল ৰাইজক।

নতুনত্বৰ সোঁৱাদ পোৱাৰ লগতে পূৰণি দিনৰ ফটোৰ দৰেই কিছু স্মৃতিক ধৰি ৰখা যেন দেখুওৱা হৈছিল গীতটোৰ পোষ্টাৰ খনত। গীতটিত অভিনয় কৰিছে অভিজিৎ শৰ্মা আৰু ভায়লিনা ডেকাই। উক্ত গীতটিত সংগীত টাইফুন এক্স পিংকুলৰ আৰু গীতটিৰ কথা ডানিশৰ। ইয়াৰ লগতে, সান্নিধ্য ভূঞাৰ সংগীত পৰিচালনাৰে গীতটিত দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। তিৰাপৰ সৈতে দৃশ্যগ্ৰহণত সহায় কৰিছে এন.জে। ভি.এফ.এক্স আৰু জি.এফ.এক্সৰ দায়িত্বত আছে ৰামজ্যোতি কৃষ্ণচৰণ।

মুক্তিৰ পিছতেই জনপ্ৰিয় প্ৰিয়ংকা ভৰালী ও অনুৰাগৰ "লুকা-ভাকু"- 2


কম সময়ৰ ভিতৰতেই গীতটিত ভিউৱাৰচৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। উঠি অহা একাংশৰ সৈতে কাম কৰি বৰ্তমান উৎসাহী ভিন্ন জন শিল্পী। কিবা এটা নতুন শিকাৰ স্বাৰ্থত নৱপ্ৰজন্মৰ সৈতে আগবঢ়া দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় শিল্পী সকলক।বহু বছৰৰ অন্তত ৰোমান্টিক গীতৰ জৰিয়তে অহা প্ৰিয়ংকা ভৰালীৰ গীতসমূহৰ জনপ্ৰিয়তা নক’লেও বুজিব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.