Rupaliparda.com
"…আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে"- প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা 1

“…আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে”- প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা

অসমীয়া সংগীত ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা কেইগৰাকীমান কন্ঠশিল্পীয়ে সঁচাকৈ অসমীয়া সংগীতে যে আগন্তুক সময়তো সফলতাক চুমিব তাক নিশ্চিত কৰি তুলিছে। কম সংখ্যাত হ’লেও তেওঁলোকৰ সংগীতৰ মুক্তিৰ পিছত তাতেই তেওঁলোকৰ প্ৰতিভা ফুটি উঠিছে। এনে এগৰাকী কন্ঠশিল্পী হৈছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। দীপলিনা ডেকাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশৰ কন্ঠত সদ্যমুক্তিপ্ৰাপ্ত গীত “মধুলগন” ৰ কথা নক’লেও হয়টো আপোনালোকে বুজিছে; গীতটোৰ জনপ্ৰিয়তা এতিয়াও অব্যাহত আছে। গীতটিত থকা কন্ঠৰ লগতে গীতটিৰ কথাইও আপ্লুত কৰিছে শ্ৰোতা ও দৰ্শকক; এই গীতটিৰ কথাৰ আঁৰতেই আছিল নৱপ্ৰজন্মৰ এইগৰাকী উদীয়মান কন্ঠশিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। ২০০৮ চনৰ পৰা শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰা এইগৰাকী কন্ঠশিল্পী ২০১৫ চনৰ পৰা পাঁচ গৰাকী সংগীৰ সৈতে “Purple Haze” নামৰ বেণ্ডৰ সৈতে জড়িত। উক্ত চনটোৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰণৱ ২০১৮ চনৰ পৰা আছে মুম্বাইত।

"…আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে"- প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা 2


অসমৰ সংগীত ক্ষেত্ৰখনত বিগত বৰ্ষৰ পৰা জড়িত হৈ পৰা এইগৰাকী কন্ঠশিল্পীক ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাত যেতিয়া তেওঁৰ গীত সমূহৰ আগন্তুক পৰিকল্পনা আৰু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “মধুলগন” ৰ জনপ্ৰিয়তাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মধুলগন” ক শ্ৰোতা অথবা দৰ্শকে ইমান সঁহাৰি দিছে; সেইটো আচলতে এক বুজাব নোৱাৰা অনুভৱ কিয়নো দীপলিনা বৰ্তমান জনপ্ৰিয় আৰু তেওঁ জনপ্ৰিয়তাৰ যিটো শিখৰলৈ উঠি যাব লাগে সেইটো তেওঁ উঠি গৈ আছে। কিন্তু, যেতিয়া “মধুলগন” গীতটোত কেৱল শ্ৰোতাই দীপলিনাকেই নহয়; মোক বা পল্লৱ তালুকদাৰ নাইবা গীতটোৰ সৈতে জড়িত গোটেই টীমটোক প্ৰশংসা ও উৎসাহিত কৰিছে সেইটোয়ে বৰ ভাল লগা অনুভৱ। এইখিনিতে, এটা কথা উল্লেখ কৰিবই লাগিব যে দীপলিনাই নিজৰ সৈতে টীমৰ সদস্যসকলৰ কামক সঁহাৰি জনায়; নিজৰ লগত কাম কৰিবলৈ এটা “কমফৰ্ট জ’ন” ৰ তেওঁ সৃষ্টি কৰে গতিকে তেওঁৰ সৈতে কাম কৰাটো আৰু অধিক সহজ হৈ পৰে। এই গীতটোত কথা দিয়া আৰু কন্ঠদান কৰাৰ লগতে ইয়াৰ ব্যৱস্থাপনাও মইয়ে কৰিছো। অসমত যিহেটো বৰ বেছি কাম এতিয়ালৈ মই কৰা নাই গতিকে এয়া মোৰ আদি পাঠ; আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে।”


ইয়াৰ উপৰিও তেওঁ আগন্তুক প্ৰজেক্টৰ বিষয়ে কয় যে, “মই মোৰ বেণ্ডৰ সৈতে ঘূৰি ফুৰা ল’ৰা। অসমত মই কিছু কাম কৰো বুলিহে ইয়াত এতিয়া ৰৈ আছো। “মধুলগন” অহাৰ আগতেই মোৰ এলবাম “এক যোগ এক” ৰ এটি গীত “শেষ”-এ ইতিমধ্যে মুক্তি লাভ কৰিছে। আগন্তুক সময়ত এই এলবামটোৰে গোটেই কেইটা গীত মই মুকলি কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ লগতে, পল্লৱ তালুকদাৰ আৰু মই একেলগে কাম কৰি আছো আৰু আগন্তুক সময়লৈ কৰি গৈ থাকিম; তাৰ সৈতে সাংগীতিক যি বুজা-বুজি আছে সেয়া বৰ আন্তৰিকাৰে আমি ধৰি ৰাখিছো। আনহাতে, পল্লৱ আৰু মই লগ হৈ সংগীত ক্ষেত্ৰৰ আন আন কন্ঠশিল্পীৰ বাবেও কাম কৰি আছো; মই লিখাৰ লগতে ইয়াৰ ব্যৱস্থাপনাৰ দায়িত্বতো আছো। আৰু, দীপলিনাৰ সৈতে মোৰ যুঁটিটোত দৰ্শকে সহাঁৰি জনাইছে গতিকে তেওঁৰ সৈতেও মোৰ কেইটামান প্ৰকল্প আহিবলগীয়া আছে। আকৌ, মই অভিনীত “অনুভৱ মোৰ” গীতটি মোৰ অভিনয়ৰ প্ৰথমটো কাম। আইচেংফা বৰুৱা মোৰ নিজৰ বাৰ দৰে গতিকে তেওঁৰ সৈতে কাম কৰিবলৈ পোৱাটোও আচলতে মোৰ সোভাগ্য।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform