Rupaliparda.com
"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 1

“তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়”- দেৱব্ৰত চলিহা

চলিত ২০২০ বৰ্ষটোৱে সকলোৰে বাবে কঢ়িয়াইছে অমানিশা। সুখবৰ অথবা ভালখবৰৰ ঠাইত নিজৰ অৱস্থিতি বিস্তাৰ কৰিছে কিছু দুঃখবৰে। বলীউড ক্ষেত্ৰখনৰ আকাশত যেন প্ৰত্যকদিনাই ঘূৰিছে ক’লা মেঘ। ইজনৰ পিছত সিজন প্ৰতিভাই মেলানি মাগিছে সংসাৰৰ পৰা। ক’ৰ’ণা মহামাৰীৰ আতংকৰ মাজতেই হঠাৎ স্তব্ধ হৈ পৰিছে সকলো। ইৰফান খান, ঋষি কাপুৰ, ৱাজিদ খানৰ মৃত্যৰ পিছত আকৌ এবাৰ প্ৰতিভাৰ নগৰীৰ পৰা হেৰাই গ’ল আন এক ধ্ৰুৱতৰা। ৩৪ বছৰ বয়সতে মৃত্যু ঘটে অভিনেতা সুশান্ত সিং ৰাজপুতৰ। মুম্বাইৰ নিজ বাসগৃহত আত্মহত্যা কৰে অভিনেতা গৰাকীয়ে; দেওঁবাৰে বাসগৃহত অভিনেতা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী প্ৰশাসনে। অভিনেতা গৰাকীৰ মৃত্যুত প্ৰায় প্ৰত্যেক গৰাকী বলীউড-জলীউড চিলেব্ৰেটী মৰ্মাহত হৈ পৰে। তেওঁলৈ শ্ৰদ্ধাঞ্জলক জ্ঞাপন কৰি চচিয়েল মিডিয়া যোগে একোটা পোষ্ট কৰে সকলোৱে।

"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 2


সুশান্ত সিং ৰাজপুতৰ সৈতে কেইখনমান ছবিত কাম কৰা অসমৰ এগৰাকী চাউণ্ড ইঞ্জিনিয়াৰ দেৱব্ৰত চলিহা ৰূপালীপৰ্দাৰ আগত শোক প্ৰকাশ কৰি কয় যে, ” খবৰটো শুনি সঁচাকৈ বৰ বেয়া লাগিছে। মই তেওঁৰ সৈতে একেলগে কাম কৰিছো। হাঁহি থাকে, স্ফূৰ্তি কৰি থাকে তেওঁ। কিন্তু হঠাতে এই খবৰটো পাই মই আচৰিত হৈছো। তেওঁৰ সৈতে কাম কৰা মোৰ প্ৰথমখন ছবি আছিল ২০১৫ ৰ দিবাকৰ বেনাৰ্জী পৰিচালিত “Byomkesh Bakshi” বুলি; তাৰ পিছতেই তেওঁৰ আহিবলগীয়া ছবি “দিল বেছাৰা” ৰ সৈতেও মই জড়িত। ছবিখনৰ এতিয়াও আধা কাম বাকী আছে। এই ছবিখন আচলতে খুবেই “ডাৰ্ক”; ছবিখনত তেওঁৰ চৰিত্ৰটোৰ কৰ্কট ৰোগ হোৱাৰ লগতে তেওঁৰ প্ৰেয়সীৰো হয় আৰু অভিনেতা গৰাকীৰ চৰিত্ৰটোৰ ছবিখনত মৃত্য হয়। এই কথাবোৰে এতিয়া মোক আমনি কৰিছে।”

"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 3
"তেওঁৰ আহিবলগীয়া ছবিখনতো তেওঁৰ মৃত্যু হয়"- দেৱব্ৰত চলিহা 4


ইয়াৰ উপৰিও দেৱব্ৰতে কয় যে, অভিনেতা গৰাকী এতিয়া য’তেই আছে তেওঁৰ আত্মাই চিৰশান্তি পাওঁক; মই ইয়াকেই কামনা কৰিছো। তেওঁৰ হাঁহি অথবা অভিনয়ে আজি মোক আমনি কৰিছে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform