Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ অনুৰাগীৰ প্ৰেম- 1

সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ অনুৰাগীৰ প্ৰেম-

বৰ্তমানলৈ একাংশই সহজ ভাৱে ল’ব পৰা বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু। অনুৰাগী সকলে নিতৌ একোখনকৈ নতুন নতুন ফটো আপলোড কৰিছে অভিনেতা গৰাকীৰ। অধিকতম ছবিত অভিনয় নকৰিলেও অভিনেতা গৰাকীৰ ব্যৱহাৰ ও স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল; সেইবাবেই হয়টো তেওঁৰ মৃত্যুৰ চাৰিদিন পিছতলৈ স্তব্ধতা অব্যাহত আছে মনোৰঞ্জন ক্ষেত্ৰত। বিভিন্ন নতুন তথ্যৰো উদঘাটন হোৱা দেখিবলৈ পোৱা গৈছে এইকেইদিনত। কোনোবাই যদি ধৰ্ণা দিছে “Boycott” ৰ আনহাতে কোনোৱে মন্তব্য কৰিছে এয়া এক হত্যাকাণ্ড। মুঠতে, কেওঁদিশে অভিনেতা গৰাকীৰ কম বয়য়তে হোৱা আত্মহত্যাৰ ঘটনাই এতিয়া মৰ্মাহত কৰিছে সকলোকে। প্ৰিয় অভিনেতা গৰাকীক উদ্দশ্যি নিৰ্মাণ হোৱা ছবি, কবিতা, গীত সমূহ নিশ্চয় আপোনালোকে উপভোগ কৰিছে। কিন্তু, এইবাৰ একাংশ অনুৰাগীয়ে চিত্ৰ অংকণেৰে বলীউড অভিনেতাগৰাকীলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলি।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ অনুৰাগীৰ প্ৰেম- 2
HIRAK JYOTI MEDI


গুৱাহাটীস্থিত অভিনেতা গৰাকীৰ দুই অনুৰাগী ক্ৰমে হীৰক জ্যোতি মেধি আৰু চন্দ্ৰাস্মিতা বৰ্মনে অভিনেতা দুগৰাকীৰ দুখনকৈ স্থিৰ চিত্ৰ নিৰ্মাণ কৰি এতিয়া টানিবলৈ সক্ষম হৈছে দৰ্শকৰ আকৰ্ষণ। মৃত্যুৰ দিনাখনৰ পৰা পৰাই অনুৰাগীয়ে বুকুত বান্ধি ৰখা দেখিবলৈ পোৱা গৈছে অভিনেতা গৰাকীক। তেওঁৰ মৃত্যুৰ পিছতো যেন যাবলৈ দিব পৰা নাই তেওঁক অনুৰাগী সকলে। অভিনেতা গৰাকীয়ে নিজ অনুৰাগী সমূহক কিমান মোহাচ্ছন্ন কৰি ৰাখিছিল ইয়াৰেই প্ৰমাণ পোৱা যায় উক্ত অনুৰাগী দুজনৰ এই স্থিৰ চিত্ৰ দুখনত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ অনুৰাগীৰ প্ৰেম- 3
CHANDRASMITA BARMAN


উল্লেখ্য যে, অভিনেতাগৰাকীৰ মৃত্যুৰ পিছত বিভিন্ন ন-ন বাতৰি পোহৰলৈ আহিছে। হতাশগ্ৰস্ততা ও মানসিক বিষাদৰ ফলত অভিনেতা গৰাকীয়ে নিজ বাসগৃহতেই আত্মঘাতী লোৱা ঘটনাই এতিয়া অশান্তি কৰিছে সকলোৰে মন-মগজুত।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform