Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ বাসগৃহত উদ্ধাৰ ৫ খন ব্যক্তিগত ডায়েৰীঃ থাকিব পাৰে বহুজনৰ নাম- 1

সুশান্ত সিং ৰাজপুতৰ বাসগৃহত উদ্ধাৰ ৫ খন ব্যক্তিগত ডায়েৰীঃ থাকিব পাৰে বহুজনৰ নাম-

সুশান্ত সিঙৰ আত্মঘাতী লোৱা ঘটনাই বিভিন্ন মূৰ লোৱা সময়তে আজি অভিনেতা গৰাকীৰ বাসগৃহত উদ্ধাৰ হ’ল ৫ খন তেওঁৰ ব্যক্তিগত ডায়েৰী। অভিনেতাগৰাকীয়ে কম বয়সতে কৰা আত্মহত্যাক লৈ এতিয়া আৰক্ষীয়ে বিভিন্ন ঘটনা বিচাৰ কৰিবলৈ আৰম্ভ কৰিছে। অভিনেতা গৰাকীৰ মৃত্যুত তেওঁৰ ব্যক্তিগত জীৱনৰ লগতে বলীউডৰ কৰ্মজীৱনো জড়িত হৈ থকাৰ কথা বহুতে ইতিমধ্যে উল্লেখ কৰিছে। আৰক্ষী প্ৰশাসনে আজি বিচাৰি পোৱা তেওঁৰ ৫ খন ডায়েৰীত তেওঁ লিখি যোৱা নিজ জীৱনৰ কথাবোৰৰো বিচাৰ আৰম্ভ কৰিব। অৱশ্যে, ইতিমধ্যে এই ঘটনাক লৈ অভিনেতা গৰাকীৰ সৈতে জড়িত ৫ জন ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে, আৰক্ষীয়ে তেওঁৰ সৈতে ১০ দিন পূৰ্বৰ পৰা কথা-বতৰা পাতি থকা প্ৰত্যেকজনৰে ভাষ্য গ্ৰহণ কৰিব।

সুশান্ত সিং ৰাজপুতৰ বাসগৃহত উদ্ধাৰ ৫ খন ব্যক্তিগত ডায়েৰীঃ থাকিব পাৰে বহুজনৰ নাম- 2
সুশান্ত সিং ৰাজপুতৰ বাসগৃহত উদ্ধাৰ ৫ খন ব্যক্তিগত ডায়েৰীঃ থাকিব পাৰে বহুজনৰ নাম- 3


উল্লেখ্য যে, সুশান্তৰ মৃত্যুক লৈ আৰক্ষীয়ে বুধবাৰে কাষ্টিংগ ডাইৰেক্টৰ মুকেশ ছাৱড়াৰ সৈতে প্ৰায় ৭ ঘন্টা ধৰি কথা-বতৰা পাতে। কিন্তু, চচিয়েল মিডিয়াত যি ধৰণে কথা-বতৰা চলি থকা হৈছে সুশান্ত সিং ৰাজপুতে কাম পোৱা-নোপোৱাক লৈ; এই বিষয়ে কিন্তু কোনো ধৰণৰ মন্তব্য নকৰে মুকুশে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.