চচিয়েল মিডিয়াত কেতিয়াবা কিছুমান মিম অথবা হেছটেগে লাভ কৰে জনপ্ৰিয়তা। ফলত কিছুদিনলৈ চচিয়েল মিডিয়াত সেইবোৰক দেখিবলৈ পোৱা যায় ট্ৰেণ্ডিঙত। বহু সময়ত আমনি দায়ক হ’লেও ই কিছু কিছু সময়ত জনসাধাৰণক আমোদ প্ৰদান কৰিবলৈও সক্ষম হয়। এনে এটি আমোদ দায়ক ট্ৰেণ্ডিং দেখিবলৈ পোৱা গৈছে পুনৰ বাৰ চচিয়েল মিডিয়াত। এটি এপৰ জৰিয়তে অসমীয়া চিলেব্ৰেটী সকলৰ কৰা হৈছে সাল সলনি। পুৰুষৰ পৰা মহিলালৈ আৰু মহিলাৰ পৰা পুৰুষলৈ সলনি কৰা হৈছে একাংশ চিলেব্ৰেটীক। বৰষা, দীপলিনাৰ পৰা আৰম্ভ কৰি ভৃগুৰ পৰা আচুৰ্যলৈ এওঁলোকৰ চেহেৰাৰ সলনি কৰি চচিয়েল মিডিয়াত আপলোড কৰা ফটোবোৰ এতিয়া ভাইৰেল হৈ পৰিছে। সম্প্ৰতি চলি থকা ক’ৰ’ণাতংক আৰু কেইবাগৰাকীও বলিষ্ঠ অভিনেতাৰ মৃত্যুৰ বিষাদৰ পৰা আঁতৰি নিজকেই প্ৰদান কৰক কিছু সময়ৰ আমোদ। তলত চাওঁক এই ফটোসমূহঃ






Add comment