Rupaliparda.com
ৰবি শৰ্মাৰ ব্যক্তিবিশেষৰ ওপৰত চমু পৰ্যালোচনাঃ 1

ৰবি শৰ্মাৰ ব্যক্তিবিশেষৰ ওপৰত চমু পৰ্যালোচনাঃ

প্ৰায়ে চচিয়েল মিডিয়াত একটিভ অভিনেতা ৰবি শৰ্মাই বিভিন্ন ধৰণে নিজ অনুৰাগী ও দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ২০০০ চনৰ পৰা ছবিক্ষেত্ৰখনত একটিভ হৈ থকা এই গৰাকী অভিনেতাই প্ৰায়ে বিভিন্নবোৰ বিষয়ত খুলি মত ব্যক্ত কৰে। এইবাৰো ইনষ্টাগ্ৰামত কৰা এটি পোষ্ট যোগে এজন মনুষ্যৰ আঁৰৰ ব্যক্তিজনক বুজি পোৱা কঠিন বুলি মন্তব্য কৰিছে অভিনেতা গৰাকীয়ে। তেওঁৰ এই পোষ্টটোত বৰ্তমান অনুৰাগীৰ কমেন্টৰ ভিৰ লগা দেখা গৈছে। কিছু সময় পূৰ্বে এই অভিনেতা গৰাকী অভিনীত “Tell me its Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছিল “স্পেচিয়েল ফেষ্টিভ মেনশ্বন”। ইয়াৰ উপৰিও ক’ৰ’ণা ভাইৰাছৰ সময়ত অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়াত লাইভ আহি বিভিন্ন ধৰণে অনুৰাগীক মানসিক ভাৱে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। আগন্তুক সময়ত অভিনেতা গৰাকীৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” য়ে বিগত বহু সময়ৰ পৰাই চৰ্চা লাভ কৰি আহিছে।

https://www.instagram.com/p/CBkMfoGnE77/?utm_source=ig_web_copy_link


“লক-ডাউন” ৰ ফলত বৰ্তমান সকলো স্থগিত হৈ পৰিছে যদিও ছবিখনে আগন্তুক সময়ত যে অসমীয়া ছবিৰ ধাৰাত উদ্গনি জগাব সেয়া নিশ্চিত হৈ পৰিছে। ন-পূৰণি বিভিন্ন শিল্পী অন্তৰ্ভূক্ত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাই। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাও চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform