Rupaliparda.com
নেপটিজিমে বিৰাম লগাবলৈ চেষ্টা কৰিছিল আয়ূসমান খুৰানাৰ কেৰিয়াৰতঃ 1

নেপটিজিমে বিৰাম লগাবলৈ চেষ্টা কৰিছিল আয়ূসমান খুৰানাৰ কেৰিয়াৰতঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত চচিয়েল মিডিয়াত বিভিন্ন নতুন তথ্য বাহিৰ ওলোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্নজন অভিনেতা-অভিনেত্ৰীয়ে নিজৰ মনৰ ভিতৰত থকা ক্ষোভ ব্যক্ত কৰিছে। এতিয়া চচিয়েল মিডিয়াত অভিনেতা আয়ূসমান খুৰানাৰ এটি পূৰণি ক্লিপ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। চিনেমা জগতত অহাৰ পূৰ্বে অভিনেতা আয়ূসমান খুৰানা এগৰাকী ৰেডিঅ’ জকী আছিল। আৰ.জে হৈয়ে তেওঁ এবাৰ কৰণ জহৰৰ সাক্ষাৎকাৰ লৈছিল আৰু আয়ূসমানে তেওঁৰ ওচৰত অভিনেতা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

নেপটিজিমে বিৰাম লগাবলৈ চেষ্টা কৰিছিল আয়ূসমান খুৰানাৰ কেৰিয়াৰতঃ 2

উক্ত ক্লিপটোত অভিনেতা গৰাকীয়ে এটা সাক্ষাৎকাৰত কয় যে, “কৰণ জহৰৰ সাক্ষাৎকাৰত মই যেতিয়া তেওঁক অভিনেতা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলো তেতিয়া কৰণ জহৰে মোক তেওঁৰ অফিচৰ লেনলাইন নম্বৰটো দিছিলে। মই তেতিয়া বহুত উৎসাহিত হৈ পৰিছিলো আৰু ভাবিছিলো যে এতিয়াৰ পৰা মোৰ জীৱনত আৰু কোনো ধৰণৰ চিন্তা নাথাকিব; এতিয়াটো ধৰ্মা প্ৰডাকচনৰ বেনাৰত মোৰ নাম থাকিব। তাৰ পিছত মই যেতিয়া কৰণ জহৰে দিয়া নম্বৰটো মিলালো তেতিয়া মোক কোৱা হ’ল যে তেওঁ অফিচত নাই।”

নেপটিজিমে বিৰাম লগাবলৈ চেষ্টা কৰিছিল আয়ূসমান খুৰানাৰ কেৰিয়াৰতঃ 3


ইয়াৰ উপৰিও ভাইৰেল হোৱা ক্লিপটোত অভিনেতা গৰাকীয়ে কয় যে, “এদিন, দুদিনকৈ মই ফোন কৰি গ’লো কিন্তু মোক কোৱা হৈছিল যে তেওঁ ব্যস্ত আছে। পিছলৈ,মোৰ সকলো ভ্ৰম ভাঙি থাকিল যেতিয়া তেওঁৰ ফালৰ পৰা কোৱা হ’ল যে, “আমি অকল ষ্টাৰ বোৰৰ সৈতে কাম কৰো; আপোনাৰ সৈতে কাম কৰিব নোৱাৰিম। উল্লেখ্য যে,কৰণ জহৰৰ ওপৰত নেপটিজিমক লৈ আগৰ পৰা বিভিন্ন আৰোপ লগোৱা হৈছিল। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত ই গম্ভীৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform