Rupaliparda.com
প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 1

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে??

বলীউডৰ প্ৰায় একাংশ তাৰকা বৰ্তমান নেপটিজিমৰ আগ্ৰাসনত। প্ৰায়ে এওঁলোকক লৈ মতানৈক্যৰ সৃষ্টি হয় যদিও অৱশেষত গৈ এওঁলোকৰ হাতলৈ ছবি সমূহ গুচি যোৱাই দেখিবলৈ পোৱা যায়। এসপ্তাহ পূৰ্বে হোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই বৰ্তমান বহুল ৰূপত মুখা উদঙাইছে বলীউডত ৰাজত্ব কৰা একাংশৰ। অভিনেত্ৰী কংগনা ৰাণাওঁটে প্ৰযোজক ও পৰিচালক কৰণ জহৰৰ ওপৰত দীৰ্ঘদিনৰ পৰাই এই ক্ষেত্ৰত আঙুলি টোৱাইছিল। চাওঁচোন আহক “নেপটিজিম” ক সমল হিচাপে লৈ বলীউডত নিজৰ ঠাই বনোৱা অভিনেতা-অভিনেত্ৰীৰ নাম।

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 2

১. সোণম কাপুৰ-

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 3


অভিনেতা অনীল কাপুৰৰ জীয়ৰী। “ছাৱাৰিয়া” ছবিখনৰ দ্বাৰা বলীউডলৈ অহা এই অভিনেত্ৰীগৰাকীৰ প্ৰথম খন চিনেমাই আছিল “চুপাৰ ফ্লপ”। তাৰ পিছত সোণমে “আইশা”, “খুবচুৰত” আদি ছবিত নিজকে দৰ্শকৰ মাজত আৰু অধিক উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও ভবামতে সুফল নাপালে। “নীৰঝা” নামৰ ছবিখনৰ পৰাহে সোণম কাপুৰে নিজক লৈ লাভ কৰিছিল কিছু প্ৰশংসা। যি কি নহওঁক, মুঠতে ক’ব পৰা যায় যে সোণম কাপুৰে নিজ পিতৃৰ চিনাকীৰ বাবে লাভ কৰিছিল কাম কৰাৰ সুবিধা।

২. অৰ্জুন কাপুৰ-

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 4


নিজৰ ওজন বৃদ্ধিৰ বাবেই প্ৰথমতে অৰ্জুনক সকলো পৰিচালকে নাকচ কৰিছিল। অভিনেতাগৰাকীয়ে ওজন কমোৱা পিছতেই তেওঁৰ প্ৰযোজক পিতৃ বনী কাপুৰৰ সহায়ৰ বাবে “ইশকজাদে” ৰ পৰা অৰ্জুনে নিজ কেৰিয়াৰ আৰম্ভণিৰ সুবিধা পায়।

৩. বৰুণ ধাৱান-

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 5


উক্ত অভিনেতা গৰাকীৰ কেৰিয়াৰ আৰম্ভণি একেবাৰেই সহজ যেন তেওঁৰ মুখলৈ “বলীউড” সদৃশ লাৰুটো কোনোবাই সুমুৱাইহে দিছে। তেওঁৰ পিতৃ ডেৱিড ধাৱানে একোখনকৈ চিনেমা বনোৱাৰ প্ৰস্তুতি চলায় আৰু তাত অভিনেতাৰূপে থাকে তেওঁৰ নিজৰ পুত্ৰ বৰুণ ধাৱান; এয়া একেবাৰেই সহজ!

৪. আলিয়া ভাট-

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 6


ভাট পৰিয়ালৰ সৰু জীয়ৰী। “ষ্টুডেণ্ট অৱ দা ইয়েৰ” ৰ পৰা নিজ কেৰিয়াৰত গিয়াৰ লগোৱা এই অভিনেত্ৰী গৰাকীক ৰখোৱা একেবাৰেই কঠিন হৈ পৰিল। সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত যদিও পিছপৰা; আলিয়া ভাটে “হাইয়ে” আৰু “ডিয়েৰ জিন্দেগী” আদি ছবিত কৰা অভিনয়ৰ দ্বাৰা দৰ্শকৰ সাংঘাতিক “প্ৰিয়” হৈ পৰিছিল।

৫. আথল্য চেট্টি–

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 7

“অভিনয় সকলোৰে বাবে নহয়” – এয়া প্ৰমাণিত উক্ত অভিনেত্ৰী গৰাকীৰ জৰিয়তে। সুনীল চেট্টিৰ জীয়ৰী। “হিৰো” চিনেমাখনৰ দ্বাৰা দৰ্শকৰ মাজলৈ আহিলেও দৰ্শকৰ পৰা নাপালে সঁহাৰি। সুনীল চেট্টিৰ অভিনয়ৰ স্কেল ডালৰ ঋণাত্মক ফালেহে বহি ৰ’ল তেওঁৰ জীয়ৰী।

৬. শ্ৰদ্ধা কাপুৰ-

প্ৰতিভা বনাম নেপটিজিমঃ কোন জিকিছে; কোন হাৰিছে?? 8


পিতৃ শক্তি কাপুৰৰ চিনাকীমৰ্মে বলীউড ক্ষেত্ৰখনলৈ আহিলেও ক’ৰবাত যেন থমকি ৰ’ল শ্ৰদ্ধা কাপুৰ। ৰূপেৰে দৰ্শকক মোহিলেও তেওঁ অভিনয়ৰ দ্বাৰা অনুৰাগী গোটাবলৈ সক্ষম নহ’ল।

“ডা লায়ন কিং” মুক্তি লাভ কৰা সময়ছোৱাত অভিনেতা শ্বাহৰুখ খানৰ ওপৰতো একাংশই “নেপটিজিম” ৰ অংশীদাৰ বুলি আঙুলি টোৱাইছিল। কিয়নো “The Lion King” ৰ দুটা মূখ্য চৰিত্ৰ; মুফাছা” আৰু “চিম্বা” ৰ চৰিত্ৰত কণ্ঠদান কৰে কিং খান আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানে। পুত্ৰক ছবিখনত অংশীদাৰ বনোৱাক লৈ বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰে তেওঁৰ ওপৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.